ETV Bharat / city

মেয়ৰ যি দলৰেই নহওক ৱাৰ্ড সদস্যৰ ভাগৰ উন্নয়নৰ ধন কাটিব নোৱাৰে : লুৰীণজ্যোতি গগৈ

author img

By

Published : Apr 6, 2022, 9:01 AM IST

গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ ভিতৰত জাতীয় পৰিষদে ২৬ টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে (Guwahati Municipal Corporation election 2022)৷ তাৰে এগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল হোৱাত ২৫ গৰাকী প্ৰাৰ্থীক লৈ নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে জাতীয়তাবাদী আঞ্চলিক দলটো ৷ মঙলবাৰৰ পৰা ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে অসম জাতীয় পৰিষদে ৷

GMC election 2022
GMC election 2022

গুৱাহাটী, 6 এপ্ৰিল: গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত অসম জাতীয় পৰিষদৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থীসকলৰ বাবে মঙলবাৰে ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা অভিযানৰ শুভাৰম্ভণি কৰে দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে (AJP starts door to door campaign in Guwahati)৷ পৌৰ নিগম নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আৰম্ভণিৰ দিনটোতে মঙলবাৰে দুপৰীয়া দলৰ বৃহৎ সংখ্যক কৰ্মী-সমৰ্থকক লগত লৈ গগৈয়ে ৫৫ নং ৱাৰ্ডৰ প্ৰাৰ্থী মিন্টু ৰাজবংশীৰ হৈ নুনমাটি বিজয়নগৰ এলেকাত ১৫ টা পৰিয়ালৰ ঘৰলৈ যায় আৰু দলৰ হৈ ভোট ভিক্ষা কৰে (GMC election campaign by AJP)৷

বিজয়নগৰৰ পিচতে ৫৭ নং ৱাৰ্ডৰ প্ৰাৰ্থী পল্লৱী বৰা হাজৰিকাৰ হৈ শালবাৰীত প্ৰচাৰ চলায় গগৈয়ে ৷ ৩৫ নং ৱাৰ্ডৰ প্ৰাৰ্থী দিলীপ বড়োৰ হৈ চানমাৰী কলনিত প্ৰচাৰ চলোৱা কালত দলৰ সভাপতি লুৰীণজ্যোতি গগৈ বিশিষ্ট বুদ্ধিজীৱী ড° হীৰেন গোঁহাইৰ ঘৰতো উপস্থিত হয় (Lurinjyoti Gogoi meets Dr Hiren Gohain)৷ ড° গোঁহাইৰ সহধৰ্মিনী ৰাণী গোঁহাইৰ ওচৰত তেওঁলোকৰ পৰিয়ালৰ দুয়োটা ভোট ভিক্ষা কৰে গগৈয়ে ৷

উল্লেখযোগ্য যে গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ ভিতৰত জাতীয় পৰিষদে ২৬ টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে (Guwahati Municipal Corporation election 2022)৷ তাৰে এগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল হোৱাত ২৫ গৰাকী প্ৰাৰ্থীক লৈ নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে জাতীয়তাবাদী আঞ্চলিক দলটো ৷

লগতে পঢ়ক : GMC Election 2022: গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বি জে পিৰ জয়যাত্ৰা আৰম্ভ

মঙলবাৰে দলৰ হৈ প্ৰচাৰ অভিযানৰ শুভাৰম্ভণি কৰি এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, স্থানীয়ভাৱে গুৱাহাটী মহানগৰীৰ এলেকা ভেদে সমস্যা বেলেগ বেলেগ যদিও তেওঁলোকে খোৱাপানীৰ সমস্যাটোকে মূল নিৰ্বাচনী ইছ্যু হিচাপে লৈছে (Drinking water crisis in Guwahati)৷ তেওঁ কয় যে, গুৱাহাটী মহানগৰীত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ তৰুণ গগৈৰ প্ৰথমখন চৰকাৰৰ দিনতে পদক্ষেপ হাতত লোৱা হৈছিল (Drinking water project in Guwahati city) ৷ পানী যোগান প্ৰকল্প স্থাপনত প্ৰধানকৈ উদ্যোগ লৈছিল তেতিয়াৰ প্ৰভাৱশালী মন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ গুৱাহাটী উন্নয়ন বিভাগৰ প্ৰথমগৰাকী মন্ত্ৰীও আছিল ৷

জাইকা আৰু এ ডি বিৰ পৰা লোৱা ঋণৰ ধনেৰে পানী যোগান প্ৰকল্প স্থাপনৰ গুৰি তেৱেঁই ধৰিছিল ৷ অৰ্থাৎ বিগত প্ৰায় বিশ বছৰে গুৱাহাটীৰ পানী যোগান পদক্ষেপৰ সৈতে হিমন্ত বিশ্ব শৰ্মা পোনপটীয়াকৈ জড়িত হৈ আছিল ৷ গতিকে প্ৰায় দুই দশকজোৰা প্ৰচেষ্টা আৰু কেইবাহাজাৰ কোটি টকা ঋণ লৈয়ো গুৱাহাটীৰ খোৱাপানীৰ সমস্যা সমাধান নোহোৱাৰ বাবে প্ৰধানকৈ হিমন্ত বিশ্ব শৰ্মা দায়ী বুলি উল্লেখ কৰে লুৰীণ জ্যোতি গগৈয়ে ৷

লুই বাৰ্জাৰ কেলেংকাৰী সংঘটিত নোহোৱা হ'লে গুৱাহাটীৰ পানীৰ সমস্যা কেতিয়াবাই সমাধান হৈ গ'লহেতেন বুলিও গগৈয়ে মত প্ৰকাশ কৰে ৷

তেওঁ লগতে কয় যে, গুৱাহাটীক স্মাৰ্ট চিটি হিচাপে গঢ়ি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ধন খৰচ কৰিব নোৱাৰাত বেংকত অকল সূদৰ বাবত এশ কোটি টকা জমা হোৱাৰ তথ্য অসম বিধান সভাত উন্মোচিত হোৱাটোৱে বিজেপি চৰকাৰৰ ব্যৰ্থতাকে স্পষ্টভাৱে উদঙাই দিছে ৷

গুৱাহাটী পৌৰ নিগমৰ এইবাৰৰ নিৰ্বাচনৰ জৰিয়তে বিজেপিৰ পৰা ৰাইজে এনে প্ৰতাৰণাৰ উত্তৰ বিচৰাৰ এয়ে সময় বুলি উল্লেখ কৰি গগৈয়ে লগতে কয় যে, বিজেপিয়ে তেওঁলোকৰ বাহিৰে আন দলে পৌৰ নিগম গঠন কৰিব নোৱাৰিব বুলি দাবী কৰি অন্য দলক ভোট দিব নালাগে বুলি প্ৰচাৰ চলাই আছে ৷ কিন্তু প্ৰকৃততে মেয়ৰ বা উপমেয়ৰ যি দলৰেই নহওক, ৱাৰ্ড-সদস্যৰ ভাগৰ উন্নয়নৰ ধন বা আঁচনি কোনেও কাটিব নোৱাৰে ৷

বিৰোধীৰ ৱাৰ্ড সদস্য জিকিলেও ৱাৰ্ডৰ উন্নয়ন সমানে হৈ থাকিব বুলি আইনত তাৰ স্পষ্ট নিৰ্দেশনা দিয়া আছে ৷ গতিকে বিজেপিৰ এনে অপপ্ৰচাৰত ভোল নগৈ ৰাজ্যৰ শাসনাধিষ্ঠিত দলটোক যোগ্য প্ৰত্যুত্তৰ দিবলৈ লুৰীণজ্যোতি গগৈয়ে ৰাইজৰ আহ্বান জনায় ৷

লগতে পঢ়ক: কাৰ চান্দা প্ৰীতিৰ বাবে গুৱাহাটীবাসীয়ে খোৱা পানী নোপোৱাৰ কথা কৈছে লুৰীণে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.