ETV Bharat / city

নিৰ্বাচনত পৰাজয় সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সংবাদমেল সম্বোধন

author img

By

Published : May 6, 2021, 10:13 PM IST

অসম জাতীয় পৰিষদে বৃহস্পতিবাৰে দলটোৰ গুৱাহাটীস্থিত কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি শীৰ্ষ নেতৃত্বই নিজৰ ভুল স্বীকাৰ কৰাৰ বিপৰীতে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি চলা বুলি অভিযোগ উত্থাপন কৰে । কংগ্ৰেছে সাম্প্ৰদায়িক শক্তি এআইইউডিএফ-ৰ পিঠিত উঠি বিজেপিক প্ৰতিহত কৰাৰ বিপৰীতে জয়ৰ বাট মুকলি কৰি দিলে বুলি অভিযোগ কৰে । দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হ'ল খোদ সভাপতি গৰাকীয়ে ।

নিৰ্বাচনত পৰাজয়ক লৈ অসম জাতীয় পৰিষদৰ সংবাদমেল

গুৱাহাটী,৬ মে': অসম বিধানসভা নিৰ্বাচনত এখনো আসন লাভ নকৰা নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়ে লাভ কৰিলে মাত্ৰ সাত লক্ষাধিক ভোট । দলটোৰ তিনি শীৰ্ষ নেতা ক্ৰমে সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ লগতে পবীন্দ্ৰ ডেকাই বৃহৎ পৰাজয়ৰ সন্মুখীন হব'লগীয়া হ'ল । আনকি দলটোৱে জাহাজৰ দলীয় নিৰ্বাচনী প্ৰতীক চিহ্ন ৰক্ষা কৰিব পৰাকৈ ছয় শতাংশ ভোট শ্বেয়াৰ লাভ কৰিবলৈ সক্ষম নহ'ল । এজেপিয়ে লাভ কৰিলে প্ৰায় ৩ শতাংশ ভোট শ্বেয়াৰ । কিন্তু এই পৰাজয়ৰ পাছতো নৱগঠিত দলটোৱে দায়িত্ব স্বীকাৰ কৰিবলৈ প্ৰস্তুত নহয় ।

বৃহস্পতিবাৰে দলটোৰ গুৱাহাটীস্থিত কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি শীৰ্ষ নেতৃত্বই নিজৰ ভুল স্বীকাৰ কৰাৰ বিপৰীতে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি চলা বুলি অভিযোগ উত্থাপন কৰে । লগতে কংগ্ৰেছে সাম্প্ৰদায়িক শক্তি এআইইউডিএফৰ পিঠিত উঠি বিজেপিক প্ৰতিহত কৰাৰ বিপৰীতে জয়ৰ বাট মুকলি কৰি দিলে বুলি অভিযোগ কৰে । উল্লেখ্য যে, অখিল গগৈৰ নেতৃত্বৰ ৰাইজৰ দলৰে মিত্ৰতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱা এজেপিয়ে কিন্তু মিত্ৰদলক বিশ্বাসত নল’লে আৰু বহু সমষ্টিত মিত্ৰদলৰ প্ৰাৰ্থী থকাৰ পাছতো এজেপিয়ে নিজৰ প্ৰাৰ্থী দিলে । তদুপৰি নতুন দল হিচাপে কম সংখ্যক সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে বহু বেছি সমষ্টিত প্ৰাৰ্থী দিলে । এজেপিৰ প্ৰতি আস্থা-বিশ্বাস থকা অভিজ্ঞসকলে ২০ টা মান সমষ্টিত প্ৰাৰ্থী দিয়াৰ পৰামৰ্শ দিছিল যদিও শীৰ্ষ নেতৃত্বই সেই কথা অৱজ্ঞা কৰি ৮৩ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে ।

যাৰ পৰিণামস্বৰূপে দলটোৱে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ'ল । ফলত ইয়াৰ দ্বাৰা বহু সমষ্টিত লাভবান হ'ল বিজেপি । ইফালে দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হ'ল খোদ সভাপতিগৰাকীয়ে । উল্লেখ যে শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ধনৰ লেন-দেন কৰি বহু প্ৰাৰ্থীক টিকট দিয়াৰ অভিযোগ তুলি বহুকেইজন নেতাই নিৰ্বাচনৰ সময়ত দল ত্যাগ কৰিছিল । নিৰ্বাচনৰ পূৰ্বেই নৱগঠিত দলটোৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছিল খোদ দলটোৰে নেতা-সমৰ্থকে আৰু যাৰ বাবে বহুতে দল ত্যাগ কৰিছিল । ব্যাপক খেলিমেলি আৰু বদনামৰ মাজেৰে এজেপিয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু যাৰ বাবে হয়তো দলটোক ৰাইজে আস্থা আৰু বিশ্বাসত ল'ব পৰা নাছিল । সংবাদমেলত এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই দলটোৰ ভুল-ত্ৰুটিসমূহ বিশ্লেষণ কৰা হ'ব বুলি উল্লেখ কৰে যদিও নিৰ্বাচনত পৰাজয় হোৱাৰ দায়িত্ব স্বীকাৰ কৰিব নিবিচাৰে । উল্লেখ্যে যে, নিৰ্বাচনৰ সময়ত এজেপি বিজেপিৰ 'বি টীম' বুলি অভিহিত হৈছিল ।

ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছ মহাজোঁটৰ সমৰ্থিত বুলিও এজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল । আনহাতে নিৰ্বাচনৰ সময়ত হেলিকপ্তাৰ লৈ চমক সৃষ্টিৰ প্ৰয়াস কৰা লুৰিণজ্যোতি গগৈৰ আঁৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতা থকাৰ অভিযোগ উত্থাপন হৈছিল । এনেবোৰ বিভিন্ন অভিযোগৰ বাবেই হয়তো দলটোৱে ভোটাৰ ৰাইজৰ কাষ চাপিবলৈ সক্ষম নহ'ল ৷ লগতে শোচনীয় পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হ'ল । কিন্তু এই কথা নেতৃত্বই এতিয়াও মানি ল'ব বিচৰা নাই । সংবাদমেলত নেতৃত্বই জন্ম হোৱাৰ এশ দিনৰ ভিতৰতে নিৰ্বাচনত অৱতীৰ্ণ হৈ এজেপিয়ে দুটাকৈ বৃহৎ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ প্ৰত্যাহ্বান লৈ পাঁচখনকৈ জিলাত ১২-১৬ শতাংশ ভোট শ্বেয়াৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ কথা ক'লে । লগতে ১৪ টাকৈ সমষ্টিত ১০ শতাংশৰো বেছি ভোট শ্বেয়াৰ লাভ কৰাৰ কথা উল্লেখ কৰিলে ।

প্ৰকৃততে এই ভোট শ্বেয়াৰে বহুক্ষেত্ৰত বিজেপিকে লাভবান কৰিলে । সংবাদমেলত সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় 'কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিয়ে আপোচবিহীন আঞ্চলিক ৰাজনৈতিক শক্তিৰ উত্থান নিবিচাৰে । যাৰ বাবে আমাৰ দল গঠন হোৱাৰে পৰা আমি সকলোৰে লক্ষ্য হৈ পৰাটো স্বাভাৱিক আছিল । তুচ্ছ-তাচ্ছিল্য পৰা আৰম্ভ কৰি অপপ্ৰচাৰ, প্ৰলোভন এজেপিৰ বিৰুদ্ধে সকলো সময়খিনিয়ে চলিল । কিন্তু আমি কেতিয়াও আমাৰ লক্ষ্যৰ পৰা বিচলিত নহওঁ । অসমৰ মাটিৰ পৰা সকলো সাম্প্ৰদায়িকতা শেষ কৰাটো আমাৰ পণ । আমি লাভ কৰা প্ৰতিটো ভোটৰ সৈতে জড়িত গভীৰ আস্থা আৰু বিশ্বাসক সাৰথি কৰি আমাৰ জাতীয় সংগ্ৰাম আগবাঢ়িব । উল্লেখ যে সংবাদমেলত দলটোৰ মুখ্য উপদেষ্টা বসন্ত ডেকাৰ উপৰি কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত আছিল ।

লগতে পঢ়িব : প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.