ETV Bharat / city

অসম চুক্তি আখৰে আখৰে ৰূপায়ণৰ দাবী এজেপিৰ

author img

By

Published : Aug 16, 2021, 2:00 PM IST

"অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ জৰিয়তে অসমীয়া জাতিৰ সাংবিধানিক সুৰক্ষা-কবচ নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতিৰে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত এখন উচ্চস্তৰীয় কমিটি গঠন কৰি দিছিল ৷ উক্ত কমিটিখনে বহুদিন পূৰ্বে প্ৰতিবেদন দাখিল কৰিছে ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই প্ৰতিবেদনখন ৰাজ্য চৰকাৰে আজি পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ পঠিওৱা নাই"- এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ৷

ajp-demands-implementation-of-assam-accord-letter-on-independence-day
স্বাধীনতা দিৱসৰ দিনা অসম চুক্তি আখৰে আখৰে ৰূপায়নৰ দাবী এজেপিৰ

গুৱাহাটী, 16 আগষ্ট : দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয় চৌহদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে । অনুষ্ঠানত উপস্থিত থাকে দলৰ কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকা । দলৰ কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকীও নেতা পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত থাকে ।

পতাকা উত্তোলন কৰি দিয়া ভাষণত সভাপতি লুৰিণজ্যোতি গগৈয়ে স্বাধীনতাৰ গৌৰৱোজ্জ্বল ইতিহাসৰ কথা উল্লেখ কৰে । প্ৰসংগত তেওঁ অসম চুক্তিৰ কথা উল্লেখ কৰি কয়- 1985 চনৰ আজিৰ দিনটোত নতুন দিল্লীত ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হৈছিল । অসম চুক্তি স্বাক্ষৰ হোৱাৰ 36 বছৰ সম্পূৰ্ণ হ'ব । চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিল যে অসম চুক্তিখন সময়মতে ৰূপায়ণ কৰি অসমৰ আৰ্থ-সামাজিক উন্নয়নৰ লগতে অসমীয়া জাতিক সাংবিধানিকভাৱে সুৰক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হ'ব । অসম চুক্তিখন আখৰে আখৰে ৰূপায়ণ কৰা হ'ব বুলি শাসনাধিষ্ঠিত বিজেপি দলে বাৰম্বাৰ প্ৰতিশ্ৰুতি দিছিল ৷

অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ জৰিয়তে অসমীয়া জাতিৰ সাংবিধানিক সুৰক্ষা-কবচ নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতিৰে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত এখন উচ্চস্তৰীয় কমিটি গঠন কৰি দিছিল ৷ উক্ত কমিটিখনে বহুদিন পূৰ্বে প্ৰতিবেদন দাখিল কৰিছে ৷

কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই প্ৰতিবেদনখন ৰাজ্য চৰকাৰে আজি পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ পঠিওৱাই নাই ৷ তেওঁ কয়- এফালে অসম চুক্তিৰ আটাইকেইটা দফা কাৰ্যকৰী নকৰা আৰু আনহাতে 6 নং দফা কমিটিৰ প্ৰতিবেদনখন গুৰুত্বহীনভাৱে পেলাই থোৱাটো অসমীয়া জাতিৰ প্ৰতি কৰা এটা গুৰুতৰ প্ৰতাৰণা ।

আমি পুনৰ বিচাৰিম যে চৰকাৰে অসম চুক্তি আখৰে আখৰে এটা নিৰ্দ্দিষ্ট সময়ৰ ভিতৰত কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰে ৷ তেওঁ পবিত্র দিনটোত স্বাধীনতা সংগ্ৰামৰ মহান সেনানীসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে । অনুষ্ঠানত দলটোৰ অন্যতম নেতা পবিন্দ্ৰ ডেকাই বক্তব্য আগবঢ়ায় ।

লগতে পঢ়ক: প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ দল ত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.