ETV Bharat / city

President's Colour Award: ৰাজ্যৰ ভিন্ন ঠাইত অসম আৰক্ষীৰ চাইকেল-মটৰ চাইকেল ৰেলী - গোৰেশ্বৰ আৰক্ষীৰ ৰেলী

শান্তি আৰু যুদ্ধ -উভয় ক্ষেত্ৰতে অসম আৰক্ষীয়ে ৰাষ্ট্ৰলৈ আগবঢ়োৱা ব্যতিক্ৰমী সেৱাৰ স্বীকৃতিস্বৰূপে অসম আৰক্ষীলৈ এইবাৰ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতিৰ নিচান বঁটা ৷ ভাৰতৰ দহখন ৰাজ্যৰ ৰাষ্ট্ৰপতি নিচান পুৰস্কাৰৰ তালিকাত অসম আৰক্ষী আছে দহ নম্বৰত । অহা ১০ মেত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অসম আৰক্ষীক প্ৰদান কৰিব এই বঁটা (Colour Award to Assam police)। এই বঁটা লাভ কৰি গৌৰৱান্বিত হোৱা আৰক্ষীয়ে বিষয়টো ৰাইজৰ মাজত বহুল প্ৰচাৰৰ বাবে ৰাজ্যজুৰি বাহিৰ কৰিছে ৰেলী ৷

President's Colour Award
ৰাজ্যৰ ভিন্ন ঠাইত অসম আৰক্ষীৰ চাইকেল-মটৰ চাইকেল ৰেলী
author img

By

Published : May 7, 2022, 10:57 PM IST

বৰপেটাৰোড, 7 মে’: শান্তি আৰু যুদ্ধ -উভয় ক্ষেত্ৰতে অসম আৰক্ষীয়ে ৰাষ্ট্ৰলৈ আগবঢ়োৱা ব্যতিক্ৰমী সেৱাৰ স্বীকৃতিস্বৰূপে অসম আৰক্ষীলৈ এইবাৰ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতিৰ নিচান বঁটা (Colour Award to Assam police)৷ এই বঁটা লাভ কৰি গৌৰৱান্বিত হোৱা আৰক্ষীয়ে বিষয়টো ৰাইজৰ মাজত বহুল প্ৰচাৰৰ বাবে লৈছে বিশেষ পদক্ষেপ ৷ তাৰেই এক অংশ হিচাবে শনিবাৰে পুৱা চাইকেল ৰেলী বাহিৰ কৰা হয় । বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ নেতৃত্বত আৰক্ষীৰ এটা বিশাল দলে চাইকেল চলাই বৰপেটা চহৰৰ পৰা হাউলী হৈ বৰপেটাৰোডলৈ ভ্ৰমণ কৰে । বৰপেটাৰোডৰ কিছুসংখ্যক লোকেও আৰক্ষীৰ এই চাইকেল ৰেলীত অংশ লৈ বৰপেটাৰোড চহৰখন পৰিভ্ৰমণ কৰে (Cycle rally by Barpeta police)৷

President's Colour Award
ৰাজ্যৰ ভিন্ন ঠাইত অসম আৰক্ষীৰ চাইকেল-মটৰ চাইকেল ৰেলী

ৰঙিয়া: ৰঙিয়াতো কামৰূপ আৰক্ষীয়ে বাহিৰ কৰে বাইক ৰেলী । আমিনগাঁৱৰ পৰা ৰঙিয়ালৈ কামৰূপ আৰক্ষীয়ে উলিয়ালে বাইক ৰেলী । আজাদী কী অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি কামৰূপ আৰক্ষীৰ বাইক ৰেলী । অসম আৰক্ষীৰ ৬০ গৰাকী আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু কনিষ্টবলক লগত লৈ কামৰূপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এই বাইক ৰেলী । বাইক ৰেলীৰ অন্তত ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত বাৰেৰহণীয়া সাংস্কৃতিক অনুস্থান অনুস্থিত কৰে ৰঙিয়া আৰক্ষীয়ে (Bike rally by Rangia police)।

তামুলপুৰ: গোৰেশ্বৰ আৰক্ষী থানাৰ পৰাও উলিওৱা হয় বাইক ৰেলী । গোৰেশ্বৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত উলিওৱা হয় এই বাইক ৰেলী । ৰেলীত অংশ লয় গোৰেশ্বৰ থানাৰ আৰক্ষী, সুৱাগপুৰ আৰক্ষী চকীৰ আৰক্ষী আৰু গোৰেশ্বৰ থানাৰ এলেকাৰ গাঁওৰক্ষী বাহিনীৰ সদস্যসকলে । গোৰেশ্বৰ থানাৰ পৰা গোৰেশ্বৰ চহৰৰ মাজেৰে মহৰিপাৰা, নাওকাটা, সুৱাগপুৰ হৈ গোৰেশ্বৰ থানাত অন্ত পৰে এই বাইক ৰেলীৰ (Bike rally by Goreswar police) ।

লগতে পঢ়ক: Death Penalty by ULFA I: দুজন যুৱকক আলফা স্বাধীনে মৃত্যুদণ্ডৰ সম্পৰ্কত আৰক্ষীৰ নীৰৱ স্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.