ETV Bharat / city

এইবাৰ অসমীয়াৰ পৰম্পৰাগত সাজ-পাৰত চকু আদানি গ্ৰুপৰ - বৰঝাৰৰ বিমান বন্দৰ

বৰঝাৰৰ বিমানবন্দৰ লীজত লৈয়ে আদানি গ্ৰুপে আৰম্ভ কৰিছে মইমতালি ৷ বিমানবন্দৰটোৰ নামক লৈ চলি থকা বিতৰ্কৰ পাছতে এইবাৰ অসমীয়া জীয়ৰী-মহিলাক অপমান কৰিবলৈ কুণ্ঠাবোধ নকৰিলে আদানি গ্ৰুপে । আদানি গ্ৰুপে ড্ৰেছ ক’ডৰ নামত জাৰি কৰিছে কিছুমান অদ্ভূত নিৰ্দেশ ।

adani-group-has-issued-strange-instructions-name-of-dress-code
এইবাৰ অসমীয়াৰ পৰম্পৰাগত সাজ-পাৰত চকু আদানি গ্ৰুপৰ
author img

By

Published : Nov 11, 2021, 1:30 PM IST

গুৱাহাটী, 11 নৱেম্বৰ : বৰঝাৰৰ বিমানবন্দৰ লীজত লৈয়ে আদানি গ্ৰুপে আৰম্ভ কৰিছে মইমতালি । আদানি গ্ৰুপে ড্ৰেছ ক’ডৰ নামত জাৰি কৰিছে কিছুমান অদ্ভূত নিৰ্দেশ । গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ নিজৰ অধীনলৈ যোৱাৰ পাছত এতিয়া মইমতালি আৰম্ভ কৰিছে আদানি গ্ৰুপে ।

বিমান বন্দৰটোৰ নামক লৈ চলি থকা বিতৰ্কৰ পাছতে এইবাৰ অসমীয়া জীয়ৰী-মহিলাক অপমান কৰিবলৈ কুণ্ঠাবোধ নকৰিলে আদানি গ্ৰুপে । কিছুদিনৰ পূৰ্বে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ লীজত লোৱা আদানি গ্ৰুপৰ পৃষ্ঠপোষকতাত শেহতীয়াকৈ দিয়া নিৰ্দেশনাই চূড়ান্ত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

adani-group-has-issued-strange-instructions-name-of-dress-code
এইবাৰ অসমীয়াৰ পৰম্পৰাগত সাজ-পাৰত চকু আদানি গ্ৰুপৰ

আদানি গ্ৰুপৰ অধীনত কাম কৰা 'প্ৰণাম' নামৰ প্ৰতিষ্ঠানটোৱে ড্ৰেছ ক’ডৰ নামত জাৰি কৰিছে কিছুমান অদ্ভূত নিৰ্দেশ । প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা কোৱা হৈছে যে কোনো মহিলা কৰ্মচাৰীয়ে মেখেলা-চাদৰ পিন্ধিব নোৱাৰিব । ইয়াৰ বিপৰীতে কৰ্তৃপক্ষই চুটি স্কাৰ্ট, ফ্ৰক পিন্ধিবলৈ এক প্ৰকাৰৰ নিৰ্দেশ দিছে যুৱতী-মহিলা কৰ্মচাৰীসকলক । আনকি আনে দেখাকৈ শিৰত ল’ব নোৱাৰিব হিন্দু বিবাহিত মহিলাৰ স্বাভিমানৰ প্ৰতীক সেন্দুৰকণ ।

আশ্বৰ্যজনক কথা যে হাতত খাৰু, ডিঙিত মংগলসূত্ৰও পিন্ধিব নোৱাৰিব বুলিও কোৱা হৈছে নিৰ্দেশনাটোত । এই নিৰ্দেশনাৰ পাছতেই ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ লগতে জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন ।

ইতিমধ্যে অসমৰ মহিলাৰ মেখেলা-চাদৰ পিন্ধাৰ অধিকাৰ কাঢ়ি নিব বিচৰা আদানি গ্ৰুপে এইধৰণৰ নিৰ্দেশ উঠাই নল’লে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিছে বিভিন্ন সংগঠনে । লগতে হিন্দু সভ্যতা অনুসৰি শিৰত সেন্দুৰ লোৱা পৰম্পৰাক আদানি গ্ৰুপে ড্ৰেছ ক’ডৰ নামত অপমান কৰাৰ অধিকাৰ ক’ত পালে বুলি বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে ৷

লগতে পঢ়ক : NDRF ৰ আন্তঃবেটালিয়ান দক্ষতা বৃদ্ধি বিষয়ক প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.