ETV Bharat / city

Nagaon police encounter: কীৰ্তি কমল বৰাৰ এনকাউণ্টাৰৰ ন্যায়িক তদন্ত দাবী আছুৰ - AASU demanded a judicial inquiry

প্ৰাক্তন আছু নেতা কীৰ্তি কমল বৰাৰ ওপৰত আৰক্ষীয়ে কৰা গুলিচালনাৰ ঘটনাক তীক্ষ্ণ ভাষাৰে গৰিহণা দিলে সদৌ অসম ছাত্ৰ সন্থাই(AASU condemns Nagaon police encounter) ৷ লগতে গুলীচালনাৰ এই ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই (AASU demanded a judicial inquiry)৷

Nagaon police encounter: কীৰ্তি কমল বৰাৰ এনকাউণ্টাৰৰ ন্যায়িক তদন্ত দাবী আছুৰ

author img

By

Published : Jan 24, 2022, 11:02 AM IST

Updated : Jan 24, 2022, 1:26 PM IST

গুৱাহাটী, ২৩ জানুৱাৰী: ৰোগীয়া মাতৃৰ বাবে ঔষধ আনিবলৈ যোৱা নিৰীহ যুৱক তথা প্ৰাক্তন আছু নেতা কীৰ্তি কমল বৰাৰ ওপৰত আৰক্ষীয়ে কৰা গুলিচালনাৰ ঘটনাক তীক্ষ্ণ ভাষাৰে গৰিহণা দিছে সদৌ অসম ছাত্ৰ সন্থাই (AASU condemns Nagaon police encounter) । অসম চৰকাৰক এই গুলীচালনাৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনাই আছু সভাপতি দীপাংক কুমাৰ নাথে কয়, গুলিবিদ্ধ যুৱকজন যদি পংগু হয়, তাৰ দায়িত্ব কোনে লব । এনে ঘটনা কেতিয়াও সমৰ্থনযোগ্য হব নোৱাৰে (AASU demanded a judicial inquiry) ।

সাধাৰণ মানুহৰ নিৰাপত্তা নিশ্চিত কৰাৰ দায়িত্বহে আৰক্ষীৰ বুলি উল্লেখ কৰি নাথে কয়, চৰকাৰে শীঘ্ৰে ঘটনাৰ ন্যায়িক তদন্ত ঘোষণা নকৰিলে ছাত্ৰ সন্থাই ৰাজপথত সংগ্ৰাম আৰম্ভ কৰিব । বৰ্তমান ৰাজ্যখনত এক অৰাজক অৱস্থাৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰি শেহতায়াকৈ অসমত আৰম্ভ হোৱা হিটলাৰী শাসন ব্যৱস্থাৰ শীঘ্ৰে বন্ধ কৰাৰ বাবে চৰকাৰক জনালে দাবী ।

কীৰ্তি কমল বৰাৰ এনকাউণ্টাৰৰ ন্যায়িক তদন্ত দাবী আছুৰ

ইফালে গুলিবিদ্ধ ছাত্ৰ নেতাজন ড্ৰাগছ আসক্ত বুলি নগাঁও আৰক্ষীয়ে কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰি সভাপতি নাথে কয়, পূৰ্বে ৰাজ্যত সংঘটিত গুপ্তহত্যাৰ দিনবোৰত এনেধৰণৰ ঘটনা বহুত দেখিবলৈ পোৱা গৈছিল । কিন্তু এতিয়া এনেধৰণৰ ঘটনা পুনৰাবৃত্তি নকৰিবলৈ চৰকাৰক সকীয়নী প্ৰদান কৰিলে আছু সভাপতি দীপাংক কুমাৰ নাথে ।

গুলিবিদ্ধ যুৱক আৰু পিতৃ-মাতৃৰ ভাষ্যত মিল আছে । কিন্তু ইয়াৰ পাছতো আৰক্ষীয়ে বিভিন্ন মনে সজা কথাৰে জনসাধাৰণক যদি হাৰাশাস্তি কৰি অহাৰ কথা ভাবিছে, তেন্তে ইয়াক কোনোপধ্যেই হবলৈ দিয়া নহ’ব । সভাপতি নাথে কয়, সাধাৰণ মানুহক গুলিয়াই দিয়া মানসিকতা অসম চৰকাৰ তথা আৰক্ষীয়ে পৰিহাৰ কৰক । এনেধৰণৰ ঘটনাই মানুহক চৰকাৰ তথা আৰক্ষীৰ প্ৰতি শংকাহে বৃদ্ধি কৰিব । লগতে কীৰ্তি কমল বৰাৰ ওপৰত কৰা একাউণ্টাৰৰ লগত জড়িত দোষী আৰক্ষী বিষয়াই শাস্তি পাবই লাগিব বুলি দাবী কৰে সদৌ অসম ছাত্ৰ সন্থৰ সভাপতি নাথে ।

ইফালে এসপ্তাহৰ ভিতৰত ছাত্ৰ নেতা কীৰ্তিকমল বৰাক আৰক্ষীয়ে গুলীওৱা ঘটনাৰ (Student Leader Shot by Police in Nagaon) তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে । এই কথা ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে ক’লে, নিৰীহ বা সৰ্বসাধাৰণ লোকৰ প্ৰতি কঠোৰ হোৱা আৰক্ষীৰ লোকক ক্ষমা কৰা নহ’ব ।

লগতে পঢ়ক: স্থানীয় ব্যক্তি হ’ব মাজুলী সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী !

Last Updated : Jan 24, 2022, 1:26 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.