গুৱাহাটী, 17 ডিচেম্বৰ : বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত RSSৰ ভাতৃ সংগঠন ভাৰতীয় কিষাণ সংঘই এখন সংবাদমেল সম্বোধন কৰে ৷ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ গৃহীত কৰা কৃষি আইনকলৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে সংঘই ৷ সংঘই কৃষি আইন সমৰ্থন কৰিছে যদিও কৃষি বিধেয়ক 2020 সংশোধনীৰ দাবী তুলিলে ৷ ইফালে এই সংবাদমেলৰ জৰিয়তে চৰকাৰৰ ওচৰত মুঠ 6 টাকৈ দাবী উত্থাপন কৰে ভাৰতীয় কিষাণ সংঘই ৷
কৃষক সামগ্ৰীৰ নূন্যতম মূল্য সুনিশ্চিত কৰা, কৃষকৰ সমস্যা সমাধানৰ বাবে জিলা পৰ্যায়ত কৃষি ন্যায়ালয় স্থাপন, কৃষকৰ বাবে চৰকাৰী পৰ্টেল অথবা ৱেবছাইটৰ ব্যৱস্থা কৰাকে ধৰি কেইবাটাও দাবী জনালে সংঘই । লগতে এই দাবীসমূহৰ ক্ষেত্ৰত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নজৰ ৰাখিব বুলি উল্লেখ কৰে ভাৰতীয় কিষাণ সংঘৰ ৰাজ্যিক সম্পাদক কুমুদ চহৰীয়াই ৷
লগতে পঢ়ক : মালিগাঁও ৰে'লৱে কাৰ্যালয়ৰ পৰা কৰ্তব্যৰত RPF জোৱানক অপহৰণ