ETV Bharat / city

বৰ্তমানেও ৰাজ্যৰ দুই লক্ষাধিক বন্যাক্রান্ত আশ্রয় শিৱিৰত আৱদ্ধ

author img

By

Published : Jul 4, 2022, 5:35 PM IST

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (State Disaster Management Authorities) তথ্য মতে, ৰাজ্যৰ বৰ্তমান বানৰ কৱলত থকা ২৬ খন জিলাৰ ১৮ লক্ষাধিক(1618 villages of 25 districts still under water) লোকৰ ভিতৰত কাছাৰ, মৰিগাঁও আৰু বৰপেটা জিলাতেই আছে প্ৰায় চাৰে তেৰ লাখ লোক ।

1618-villages-of-25-districts-still-under-water
বৰ্তমানো ৰাজ্যৰ দুই লক্ষাধিক বন্যাক্রান্তই আশ্রয় শিৱিৰত আৱদ্ধ

গুৱাহাটী, 4 জুলাই: ৰাজ্যত ক্ৰমাৎ উন্নত হৈছে বান পৰিস্থিতি ৷ তথাপিও এই পৰ্যন্ত বানৰ কৱলত থকা ২৬ খন জিলাৰ ১৮ লক্ষাধিক লোক জলবন্দী হৈ আছে (Flood in Assam) । ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (State Disaster Management Authorities) তথ্য মতে, ৰাজ্যৰ বৰ্তমান বানৰ কৱলত থকা ২৬ খন জিলাৰ ১৮ লক্ষাধিক লোকৰ ভিতৰত কাছাৰ, মৰিগাঁও আৰু বৰপেটা জিলাতেই আছে প্ৰায় চাৰে তেৰ লাখ লোক ।

তথ্য মতে, কাছাৰ জিলাত আজিও দহ লক্ষাধিক লোক বানত আবদ্ধ হৈ আছে । কাছাৰৰ পাছতেই মৰিগাঁও জিলাত ১.৭৫ লাখ লোক আৰু বৰপেটা জিলাত ১.৩৫ লাখ লোক বর্তমানেও বানৰ কৱলত আছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দৈনিক প্ৰতিবেদন অনুসৰি, ৰাজ্যৰ ২৬ খন জিলাৰ ৬৫টা ৰাজহ চক্ৰৰ ১৬১৮খন গাঁৱৰ(1618 villages of 25 districts still under water) ১৮ লাখ ৩৫ হাজাৰ ৫৫১ জন লোক বানত আবদ্ধ হৈ আছে ৷

পানীত বুৰ গৈ থকা ১৬১৮ খন গাঁৱৰ ভিতৰত কাছাৰ, মৰিগাঁও আৰু বৰপেটা জিলাৰেই ১০২৫ খন গাঁও আছে । কাছাৰৰ ৪৫৪ খন, মৰিগাঁৱৰ ২৯৯ খন আৰু বৰপেটাৰ ২৭২ খন গাঁও আজিও পানীৰ তলত ৷ আনহাতে, ৰাজ্যৰ বিভিন্ন জিলাৰ মুঠ ৪৭ হাজাৰ ১৯৮ হেক্টৰ কৃষিভূমি এই পৰ্যন্ত বানৰ পৰা মুক্ত হোৱা নাই । ৰাজ্যৰ ৪১৩ টা আশ্ৰয় শিবিৰত বর্তমানেও দুই লাখ ৭৮ হাজাৰ ৬০ গৰাকী বন্যাৰ্তই আশ্ৰয় লৈ আছে ।

ইয়াৰে অকল কাছাৰ জিলাতেই ১৮৯ টা আশ্ৰয় শিবিৰত দুই লাখ ২৫ হাজাৰ ৫৬৯ বন্যার্তই আশ্ৰয় লৈ আছে ৷ কেন্দ্ৰীয় জল আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, কাছাৰৰ বদৰপুৰঘাটত বৰাক নৈ, ডিব্ৰুগড়ৰ চেনিমাৰীত বুঢ়ীদিহিং, মৰিগাঁৱৰ ধৰমতুলত কপিলী, কৰিমগঞ্জত কুশিয়াৰা, শিৱসাগৰৰ নঙলামুৰাঘাটত দিছাং আৰু ধুবুৰী, যোৰহাটৰ নিমাতীঘাটত, শোণিতপুৰৰ তেজপুৰত ব্ৰহ্মপুত্ৰ আজিও বিপদসীমাৰ ওপৰেৰে বৈ আছে ।

অৱশ্যে আটাইকেইখন নৈ বিপদসীমাৰ এক মিটাৰ উচ্চতাৰ ভিতৰতে আছে । গুৱাহাটীৰ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে, বিগত ২৪ ঘণ্টাত ৰাজ্যৰ কোনো কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে ঠাই বিশেষে প্ৰৱল বৰষুণ হয় । এই সময়ছোৱাত সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিক অৱস্থাতকৈ অধিক আছিল । সোমবাৰে গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা ৩৭ ডিগ্ৰী ছেলচিয়াছ বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক: Russia-Ukraine war: ৰাছিয়াৰ দখলত ইউক্ৰেইনৰ লিচিচানস্ক চহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.