মৰাণ, 1 ছেপ্টেম্বৰ: পাৰিবাৰিক অশান্তিৰ চৰম পৰিণতি । আত্মহত্যা কৰাৰ উদ্দেশ্যে ডিব্ৰুগড়ৰ ঘোঁৰামৰাত সুউচ্চ মোবাইল টাৱাৰত উঠিল যুৱক(Youth Threatens to Jump off Mobile Tower) । মূহূৰ্ততে চৌদিশে লাগিল হাহাকাৰ ৷ ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু এছ ডি আৰ এফৰ লোক ৷ যুৱকজনৰ যিকোনো প্ৰকাৰে প্ৰাণৰক্ষা কৰিবলৈ সকলোৱে কৰিলে আপ্ৰাণ চেষ্টা । বিভিন্নজনে দিলে বুজনি ।
পাঁচ ঘণ্টাজোৰা প্ৰচেষ্টাৰ পাছত অৱসান ঘটিল শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ । স্থানীয় ৰাইজৰ বুজনি তথা আৰক্ষী-এছ ডি আৰ এফৰ অনুৰোধত সুউচ্চ টাৱাৰৰ পৰা নামি আহিল যুৱক । পোহৰলৈ আহিল সমগ্ৰ ঘটনা ৷ পাৰিবাৰিক কন্দলৰ বাবেই আত্মহননৰ পথ বাছি লৈছিল যুৱকজনে ৷ পৰকীয়া প্ৰেমৰ পৰিণতিত পতি-পত্নীৰ মাজত কাজিয়া, মাৰপিটতে ক্ষান্ত নাথাকি বিবাহ বিচ্ছেদৰ প্ৰস্তাৱ দিছিল যুৱকজনৰ পত্নীয়ে ।
যুৱকজনৰ নাম কৃষ্ণকান্ত গগৈ ৷ কৃষ্ণকান্তই বন্ধু সহকৰ্মী বিজু দত্তৰ প্ৰেয়সীৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছিল । এই কাৰ্য ধৰা পৰিছিল পত্নীৰ আগত । ফলত সৃষ্টি হৈছিল পাৰিবাৰিক অশান্তি । বিবাহ বিচ্ছেদৰ প্ৰস্তাৱ দিয়াৰ লগতে মাতৃগৃহলৈ গমন হৈছিল পত্নীৰ ।
কৃষ্ণকান্তই জানিবলৈ দিয়া মতে বন্ধু বিজুৱে তেওঁৰ মোবাইলৰ পৰা প্ৰায়ে প্ৰেয়সীলৈ কৰিছিল ফোন । পত্নী আৰু প্ৰেয়সীৰ নাম একে হোৱা বাবেই ভুলবশতঃ এদিনৰ বাবে হৈছিল মেছেজৰ আদান-প্ৰদান । তাকে লৈ কৃষ্ণকান্তৰ গৃহত তীব্ৰ মানসিক অশান্তিৰ সৃষ্টি হৈছিল । এইবোৰ সংঘাতৰ মাজতে বন্ধু বিজু দত্ত আৰু তেওঁৰ ভাতৃয়ে মৃত্যুৰ ভাবুকি দি থকা বাবেই আত্মহত্যাৰ পথ বাছি লোৱা বুলি জানিবলৈ দিছে যুৱকজনে ।
লগতে পঢ়ক: বাঁহৰ চুঙাৰ বটলেৰে প্লাষ্টিকক প্ৰত্যাহ্বান জনোৱা এক সেউজীয়া প্ৰয়াস