সপত্নীক পবিতৰা ভ্ৰমণ ইজৰাইলৰ ৰাষ্ট্ৰদূতৰ
সপত্নীক লগত লৈ পবিতৰা অভয়াৰণ্যত উপস্থিত হয় ইজৰাইলৰ ৰাষ্ট্ৰদূত ড৹ ৰ'ণ মালকা । জীপ চাফাৰীৰে দৰ্শন কৰিলে এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যৰ নৈসৰ্গিক দৃশ্য । পবিতৰাৰ গড়, মহ আৰু বন গাহৰি লগতে নৈসৰ্গিক দৃশ্য দেখি আপ্লুত হয় দুয়ো ।
নামনি সোৱণশিৰিৰ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে গহপুৰত প্ৰতিবাদ
নামনি সোৱণশিৰি বৃহৎ নদী বান্ধৰ বিৰুদ্ধে প্ৰতিবাদ কৰি গহপুৰত আটক সদৌ অসম ছাত্ৰ সন্থা (আছু) আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (এ জে ৱাই চি পি) ৰ বহুকেইগৰাকী সদস্য ৷ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি নদী বান্ধৰ বাবে কঢ়িয়াই নিয়া সামগ্ৰী সমূহৰ সৰবৰাহত বাধা প্ৰদান কৰাৰ বাবেই গহপুৰ আৰক্ষীয়ে সংগঠন দুটাৰ প্ৰতিবাদী সদস্য কেইগৰাকীক গ্ৰেপ্তাৰ কৰে ৷
বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত যুৱকৰ মৃত্যু
বনৰীয়া হাতীৰ আক্ৰমণৰ ফলত মৃত্যুক সাৱটিলে বাক্সাৰ এজন 19 বছৰীয়া যুৱকে ৷ নিশাৰ ভাগত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ চেচাপানী কুমাৰপাৰা গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত যুৱক গৰাকী নিহত হয় ।
আহি আছে হোৱাটচ্এপৰ নতুন সংশোধন
ফেচবুক মালিকানাধীন বাৰ্তা বাহক এপ্লিকেচন হোৱাটচ্এপৰ নতুন সংশোধন ৷ ব্যৱহাৰকাৰীৰ সহায় হোৱাকৈ সংযোজন কৰিছে অতিৰিক্ত কিছুমান সুবিধা ৷ ব্যৱহাৰকাৰীৰ পৰিচয়,সমীক্ষা,পৰ্যালোচনাৰ বাবে নতুনকৈ ডিজাইন কৰিছে ষ্টোৰেজ মেনেজমেন্ট ৷ ডাঙৰ ফাইল আৰু মিডিয়া দুয়োটাকে বাকেটিংৰ যোগেদি সহজভাৱে ক্লিন-আপ কৰিব পৰা যাব ৷
বিটিচিৰ ৰাজপাটত পুনৰ বহিব বিপিএফ : আশাবাদী হাগ্ৰামা
আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ বড়োভূমিৰ চৌদিশে এতিয়া অব্যাহত আছে তীব্ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ বিপিএফ দলেও নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে ৷ মঙলবাৰে কোকৰাঝাৰ জিলাৰ দেৱৰগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জানাগাঁৱত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷ নিৰ্বাচনক লৈ যঠেষ্ট আশাবাদী মহিলাৰী ৷ সাংবাদিকৰ আগত তেওঁ কয় যে, বিপিএফ দলৰ অৱস্থা এতিয়াও বহুত ভাল আৰু সুন্দৰ গতিত আগবাঢ়িছে ৷ এইবেলিও একক সংখ্যাগৰিষ্ঠতাৰে বিটিচি পৰিষদীয় চৰকাৰ বিপিএফে গঠন কৰিব বুলি দৃঢ়তা প্ৰকাশ কৰে প্ৰাক্তন বিচিটি প্ৰধানগৰাকীয়ে ৷
নিমিষতে কৃত্ৰিম বানত ডুবিল মহানগৰীৰ আদাবাৰীৰ ৰাজপথ
মঙলবাৰে মহানগৰীৰ আদাবাৰীত হঠাৎ সৃষ্টি হয় অভাৱনীয় পৰিস্থিতি। গেমন ইণ্ডিয়াৰ দায়িত্বজ্ঞানহীনতাৰ বাবে নিমিষতে ডুবিল মহানগৰীৰ আদাবাৰীৰ ৰাজপথ। সুদীৰ্ঘ দিন ধৰি পানী পৰিবাহী পাইপ অৰ্ধনিৰ্মিত ভাৱে পেলাই ৰখাৰ বাবে হঠাৎ পানীৰ পাইপ ফাটি,ৰাজপথত সৃষ্টি হয় কৃত্ৰিম বানৰ ৷
অসম আৰক্ষীৰ শ্বহীদ ৰবেন দাসৰ বাসগৃহত মুখ্যমন্ত্ৰী
বিগত 18 অক্টোৱৰত মানকাছাৰত গৰু চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান চলাই অকাল মৃত্যুক আঁকোৱালি লৈছিল অসম আৰক্ষীৰ বীৰ জোৱান ৰবেন দাসে ৷ মঙলবাৰে নিশা বজালীৰ হাঠিনাপুৰস্থিত শ্বহীদ ৰবেন দাসৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ শ্বহীদ গৰাকীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে পৰিয়ালক সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে l
ৰকি-প্ৰদ্যুতৰ সংঘাত সৃষ্টি কৰা ব্যক্তিক চিনাক্ত জিতেন্দ্ৰ সিঙৰ !
বহু বিভক্ত কংগ্ৰেছক একত্ৰিত কৰাৰ উদ্দেশ্যে অসমলৈ অহা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক তথা নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক জিতেন্দ্ৰ সিঙে চিনাক্ত কৰিছে ৰকিবুল হুছেইন আৰু প্ৰদ্যুত বৰদলৈৰ মাজত সংঘাত সৃষ্টি কৰা ব্যক্তিক । দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু সাংসদ প্ৰদ্যুত বৰদলৈ মাজত চলি আছে সংঘাত । শেহতীয়াকৈ দুই নেতাৰ সংঘাত তীব্ৰতৰ হৈ পৰাৰ সময়ত দেওবাৰে নিশা নগাঁৱত উপস্থিত হোৱা জিতেন্দ্ৰ সিঙে ধৰা পেলাবলৈ সক্ষম হৈছে দুই নেতাৰ সংঘাতৰ মূল কাৰণ ।
চোকা অস্ত্ৰৰে ঘপিয়াই মাতৃক হত্যা কৰিলে পুত্ৰই
এটা লোমহৰ্ষক হত্যাকাণ্ডই জোঁকাৰি গৈছে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি থানাৰ অন্তৰ্গত বিনোদিনী গাঁও ৷ এজন পুত্ৰই নৃশংসভাৱে হত্যা কৰিলে মাতৃক ৷ ফখৰুল হক নামৰ যুৱকজনে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নিৰ্মমভাৱে হত্যা কৰে মাতৃক । পাষাণ পুত্ৰৰ হাতৰ পৰা মাতৃক ৰক্ষা কৰিবলৈ আহি আহত হয় যুৱকজনৰ ভগ্নীও ।
মিঞা মিউজিম ৰাজনৈতিক উদেশ্য প্ৰণোদিত, এনে বিষয়ত সাহিত্য সভা জপিয়াই নপৰেঃ কুলধৰ শইকীয়া
অসমৰ জাতীয় কণ্ঠস্বৰ হ’ল অসম সাহিত্য সভা । জাতি গঠন প্ৰক্ৰিয়াত সদায় জড়িত হৈ আহিছে সাহিত্য সভা । অসমৰ বিভিন্ন জাতি জনগোষ্ঠী সমূহ একত্ৰিত হৈ অসমক আগুৱাই নিয়াটোহে মূল লক্ষ্য বুলি সদৰি কৰে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই ৷
লগতে পঢ়ক : থ্ৰ' বলিঙক কেন্দ্ৰ কৰি মৰিগাঁৱত দুই দলৰ মাজত উত্তেজনাময় পৰিস্থিতি