ETV Bharat / city

মৰাণৰ হিংৰীজান চাহবাগিচাত প্ৰাপ্য দৰমহা বিচাৰি শ্ৰমিকে ঘেৰাও কৰিলে বাগিচা কাৰ্যালয় - মৰাণৰ হিংৰীজান চাহবাগিচা

মৰাণৰ হিংৰীজান চাহবাগিচাত প্ৰাপ্য দৰমহা বিচাৰি শ্ৰমিকে ঘেৰাও কৰিলে বাগিচা কাৰ্য্যালয় ৷

মৰাণৰ হিংৰীজান চাহবাগিচাত প্ৰাপ্য দৰমহা বিচাৰি শ্ৰমিকে ঘেৰাও কৰিলে বাগিচা কাৰ্যালয়

author img

By

Published : Jun 16, 2020, 2:58 AM IST

মৰাণ, 15 জুন : মৰাণৰ হিংৰীজানত বাগিচাৰ উপ-কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য দৰমহাৰ আদায়ৰ দাবীত এণ্ডোৱেল কোম্পানী অধীনত থকা বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল কৰি তোলে । প্ৰায় 1 ঘন্টা ধৰি চলা এই ধৰ্ণা কাৰ্যসূচীত কৰ্মচাৰী সকলে হাতে হাতে বিভিন্ন প'ষ্টাৰ লৈ বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে শ্ল'গান দিয়ে ।

উপ-কৰ্মচাৰীসকলে জানিবলৈ দিয়া মতে, বিগত লকডাউনৰ সময়ছোৱাত বাগিচাখনৰ কৰ্তৃপক্ষই এই উপ-কৰ্মচাৰীসকলক তেওঁলোকৰ দৰমহাৰ পৰা 30% কাটি 70% দৰমহা প্ৰদান কৰি আহিছে আৰু এইবিষয়ে তেওঁলোকে পাবলগীয়া প্ৰাপ্যখিনি 13 জুনৰ আগতে প্ৰদান কৰিবলৈ মৰাণ চাহ মজদুৰ সংঘৰ বিষয়বৱীয়াসকলৰ লগত উপ-কৰ্মচাৰীসকলে একগোট হৈ বাগিচাখনৰ উপ-কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিকে ধৰি কেইবাটাও দাবী সম্বলিত এক স্মাৰক পত্ৰ বাগিচা কৰ্তৃপক্ষক প্ৰদান কৰিছিল ।

মৰাণৰ হিংৰীজান চাহবাগিচাত প্ৰাপ্য দৰমহা বিচাৰি শ্ৰমিকে ঘেৰাও কৰিলে বাগিচা কাৰ্যালয়

কিন্তু আজিলৈকে বাগিচা কৰ্তৃপক্ষৰ পৰা কোনোধৰণৰ সঁহাৰি নোপোৱাত ক্ষুব্ধ হৈ আজি এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে উপকৰ্মচাৰীসকলে । তেওঁলোকে সংবাদ মাধ্যমক দিয়া ভাষ্য অনুসৰি বাগিচা কৰ্তৃপক্ষই তেওঁলোকৰ দৰমহাকে আদি কৰি পাব লগীয়া প্ৰাপ্য সমূহ যদি শীঘ্ৰে প্ৰদান নকৰে তেন্তে কৰ্মৰ পৰা বিৰত থাকিব বুলি সকিয়নী প্ৰদান কৰিছে ।

লগতে পঢ়কঃ খেতিৰ বতৰ চাপিল,পথাৰত বীজ সিঁচিলে বিধায়িকা আঙুৰলতাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.