ডিব্ৰুগড়, 5 আগষ্ট : ৰাম মন্দিৰৰ পুনৰ নিৰ্মাণৰ বাট প্ৰশস্ত হোৱাৰ আজিৰ ঐতিহাসিক দিনটোত বহু ভাৰতীয়ক দেখা গৈছে উলাহ প্ৰদৰ্শন কৰা । কেইবা শতিকাযোৰা প্রতীক্ষাৰ অন্ত পেলাই তীর্থক্ষেত্র অযােধ্যাত বুধবাৰে শুভাৰম্ভণি ঘটিছে ৰাম মন্দিৰৰ নির্মাণ পর্ব ।
ৰাম জন্মভূমি অযোধ্যাত ভগৱান শ্ৰীৰামচন্দ্ৰৰ এক অনন্য সুন্দৰ মন্দিৰ নির্মাণেৰে ভাৰতকে ধৰি বিশ্বৰ প্রান্তে প্রান্তে থকা ৰামভক্তসকলৰ দীর্ঘদিনীয়া আশা বাস্তৱায়িত হােৱাৰ পথত ।
ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনেও আজি সন্ধিয়া এই উচ্ছাহতে মিঠাই বিলাই ৰাজহুৱা কৈ । বিশেষকৈ ডিব্ৰুগড় চহৰৰ শান্তিপাৰা অঞ্চলত বিধায়কগৰাকীয়ে আজি মিঠাই বিলাই স্থানীয়ৰ মাজত ।
এক উৎসৱৰ দৰে উদযাপন কৰা দেখা যায় বিধায়কগৰাকীক এই শুভ আৰু ঐতিহাসিক ক্ষণটো ৷
ইফালে কেইবা দশকধৰি চলি থকা বিবাদৰ অন্তত অযোধ্যাত আজি ৰাম মন্দিৰৰ শিলান্যাস কৰাত এইদৰে এতিয়া দেশৰ বিভিন্ন প্ৰান্তত চলিছে পূজা-অৰ্চনা ।
ঐতিহাসিক ৰাম মন্দিৰৰ ভূমি পূজনক লৈ দেশবাসীৰ মাজত বৈছে আনন্দৰ বন্যা । উত্তৰ-পূব ভাৰতৰ অন্যতম ডিব্ৰুগড়ৰ জগ্গনাথ মন্দিৰৰ ৰাম দৰবাৰত চলিলে ভক্তি আৰাধনা ।
লগতে পঢ়কঃ গোৰেশ্বৰত শ্ৰীৰাম জন্মভূমি মন্দিৰৰ ভূমি পূজন মহোৎসৱ