ETV Bharat / city

Police Firing at Moran : মৰাণত আৰক্ষীৰ গুলীচালনাক লৈ তীব্ৰ চাঞ্চল্য

author img

By

Published : Apr 2, 2022, 2:11 PM IST

ৰাজ্যত প্ৰায় নিতৌ সংঘটিত হৈ আছে অসম আৰক্ষী এনকাউণ্টাৰৰ ঘটনা(Assam Police encounter) ৷ এনে সময়তে শুকুৰবাৰে নিশা মৰাণত হঠাতে শুনা গ’ল গুলীৰ শব্দ(Police Firing at Moran) ৷ কিন্তু কোনে আৰু কাক লক্ষ্য কৰিছিল এই গুলীচালনা, চাওক এই প্ৰতিবেদনত ৷

police-firing-at-night-in-maran
মৰাণত নিশা আৰক্ষীৰ গুলিচালনা

মৰাণ, 2 এপ্ৰিল : ডিব্ৰুগড় জিলাৰ মৰাণ থানাৰ অন্তৰ্গত ফটিকাচোৱা নেপালী গাঁৱত শুকুৰবাৰে নিশা আৰক্ষীয়ে কৰা গুলীচালনাৰ ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে(Police Firing at Moran) । স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি, নিশা প্ৰায় ১০ বজাত মৰাণ আৰক্ষীয়ে কৰিছিল এই গুলীচালনা ৷ আৰক্ষীৰ দলটোৱে এটা বাইক চোৰক কৰায়ত্ত কৰিবলৈ এই গুলীচালনা কৰে ৷

স্থানীয় লোকৰ অভিযোগ অনুসৰি, শুকুৰবাৰৰ নিশা প্ৰায় ১০ বজাত মৰাণ আৰক্ষীৰ এটা দলে চোৰৰ এটা দলৰ বিৰুদ্ধে চলাইছিল অভিযান ৷ সেই সময়তে ফটিকাচোৱা নেপালী গাঁৱত স্থানীয় যুৱক তথা গাঁওৰক্ষী বাহিনীৰ সদস্য শংকৰ চুতীয়াই স্কুটীৰে গৈ থকাত পিছফালৰ পৰা আৰক্ষী দলে ৰ’বলৈ নিৰ্দেশ প্ৰদান কৰে ৷

মৰাণত নিশা আৰক্ষীৰ গুলিচালনা

নিশাৰ এন্ধাৰৰ ফলত শংকৰ চুতীয়াই আৰক্ষীৰ নিৰ্দেশ শুনা নাপাই পলায়নৰ চেষ্টা কৰে ৷ ফলত আৰক্ষীৰ দলটোৱে শূন্যলৈ বুলি তিনিজাঁই গুলীচালনা কৰে ৷ গুলীৰ শব্দ শুনি স্বাভাৱিকতে আতংকিত হৈ পৰে স্থানীয় ৰাইজ । আনহাতে, আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত আছে ।

লগতে পঢ়ক : Encounter in Goalpara: গোৱালপাৰাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত তিনি অপৰাধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.