ETV Bharat / city

ন-খোৱা আনন্দৰ পৰা বঞ্চিত হোৱা এখন গাঁৱৰ ৰাইজ - নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ

পথাৰৰ কৃষকৰ পৰা দাৱনীলৈকে সকলো এতিয়া পথাৰত সোণগুটি চপোৱাত ব্যস্ত ৷ আঘোনৰ মাহতেই বছৰটোৰ বাবে সোণগুটি চপাই ন-খোৱাত ব্যস্ত হয় গাঁৱৰ প্ৰতিগৰাকী চহা খেতিয়ক । কিন্ত এইবাৰ ন-খোৱা(Assamese Agricultural Customs)ৰ আনন্দৰ পৰা বঞ্চিত হ'ব লগা হ'ল এখন গাঁৱৰ প্ৰায় ৮০ টা পৰিয়াল, কিন্তু কিয় ? চাওঁক আমাৰ এক প্ৰতিবেদন...

People of a village in Naharkatia deprived from na khowa
ন-খোৱা আনন্দৰ পৰা বঞ্চিত নাহৰকটীয়াৰ এখন গাঁৱৰ ৰাইজ
author img

By

Published : Dec 9, 2021, 8:58 PM IST

মৰাণ, 9 ডিচেম্বৰ : আঘোণৰ সোণোৱালী পথাৰত এতিয়া ব্যস্ত গাঁৱৰ প্ৰতিগৰাকী চহা খেতিয়ক । হাতত কাঁচি লৈ পথাৰৰ পকা ধান দোৱাত ব্যস্ত দাৱনীসকল । কিন্তু এইবাৰ এক বিপৰীত দৃশ্য দেখা গৈছে নাহৰকটীয়াৰ চাচনীৰ ৰংপুৰ দীঘলী আৰু দীঘলী বিলগাঁৱৰ পথাৰত । কাৰণ গাঁওখনত থকা প্ৰায় ২০০ বিঘা মাটিত আহাৰ-শাওন মাহত পথাৰত পানীৰ অভাৱত পথাৰ চিৰালফাঁট মৰাত সময়ত খেতি কৰিব নোৱাৰিলে গাঁৱৰ ৰাইজে ।

জলসিঞ্চন বিভাগ(Irrigation Department in Assam)ক বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পিছতো কোনো ধৰণৰ সুফল নোপোৱাত গাঁৱৰ ৰাইজে নিজে টালি টোপোলা মাৰি পলমকৈ হ’লেও কৃষিকাৰ্য আৰম্ভ কৰি অলপ হ'লেও আশাৰ ৰেঙনি দেখিছিল যদিও এতিয়া সেই খেতিৰ ধান পৰিণত হৈছে পতানলৈ । যাৰ পৰিপ্ৰেক্ষিতত বছৰটোৰ বাবে কৃষকে সপোন ৰচা খেতিদৰাত ধানৰ সলনি পতান দেখি মূৰত সৰগ ভাগি পৰা অৱস্থা হৈছে গাঁওখনৰ চহা কৃষকসকলৰ । উপায়ন্তৰ হৈ সেই পতান ধৰা ধানসমূহ কাটি গৰু ছাগলী আৰু হাঁহ কুকুৰাকহে খাবলৈ দিব লগা হৈছে কৃষকসকলে ।

ন-খোৱা আনন্দৰ পৰা বঞ্চিত নাহৰকটীয়াৰ এখন গাঁৱৰ ৰাইজ

অকল সেয়াই নহয় এইবাৰ ন-খোৱা(Assamese Agricultural Customs)ৰ পৰা বঞ্চিত হোৱাৰ বাবে গাঁৱৰ ৰাইজে পূৰ্বৰে পৰা পালন কৰি অহা তেওঁলোকৰ ধৰ্মীয় নীতি নিয়মৰ পৰাও বঞ্চিত হ'ব লগা হৈছে ৷ যাৰবাবে এতিয়া হতাশাৰ মাজেৰে দিন পাৰ কৰিব লগা হৈছে গাঁৱৰ ৰাইজে । এইসকল চহা খেতিয়কে এই আঘোণ মাহতে সোণোৱালী শস্যডৰা চাই বছৰটোৰ বাবে সপোন ৰচাৰ লগতে পৰিয়াল পোহপাল দি আহিছে ৷ কিন্তু এইবাৰ উদং পথাৰ চাই মূৰে কপালে হাত দিব লগা হৈছে কৃষকসকলে ।

বৰ্তমান উদং হৈ পৰি থকা পথাৰডৰাত গাঁৱৰ কৃষকসকলে যাতে ৰবিশস্যৰ খেতি কৰি বছৰটোৰ বাবে পৰিয়ালটোক পোহপাল দিব পাৰে, তাৰবাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় বিধায়ক তৰংগ গগৈ আৰু বিভাগীয় কৰ্তৃপক্ষক কাতৰ অনুৰোধ জনাইছে চহা খেতিয়কসকলে ।

লগতে পঢ়ক : Land Grabbing Allegation: গৌৰৱ গগৈয়ে ক’লে, ৰাজ্যৰ ভিতৰতে মাটি দখলৰ শীৰ্ষত হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.