ETV Bharat / city

নাহৰণিত পশু চিকিৎসক বিচাৰি হাহাকাৰ ৰাইজৰ - মীন পালন

ডিব্ৰুগড়ত হাহাকাৰ কৰিব লগা হৈছে পশু চিকিৎসকক বিচাৰি ৷ খোৱাং নাহৰণিৰ পশু উপ স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক নিয়োগৰ দাবী বিভিন্ন দল-সংগঠনৰ ৷

No doctor in Veterinary Hospitals at Dibrugarh District
নাহৰণিত পশু চিকিৎসক বিচাৰি হাহাকাৰ ৰাইজৰ
author img

By

Published : Jul 2, 2021, 8:31 PM IST

মৰাণ, 2 জুলাই : ক'ভিডৰ ভয়াবহতাৰ মাজতে ডিব্ৰুগড় জিলাৰ গ্ৰাম্যাঞ্চল সমূহত পোহনীয়া জীৱ জন্তু সমূহ আক্ৰান্ত হৈছে অচিন ৰোগত । কিন্তু ডিব্ৰুগড় জিলা খনৰ প্ৰায় সকলো বিলাক পশু চিকিৎসালয় বন্ধ হোৱাৰ উপক্ৰম হৈছে কাৰণ প্ৰায়বোৰ চিকিৎসালয়তে চিকিৎসকৰ অভাৱ । যদিও কোনো কোনো চিকিৎসালয়ত চিকিৎসক আছে যদিও উপযুক্ত সা-সুবিধা নথকাৰ বাবে উন্নত চিকিৎসাৰ পৰা বঞ্চিত হবলগীয়া হৈছে পশুপালক সকল ৷ উন্নত চিকিৎসা নোপাৱাৰ বাবে ডিব্ৰুগড় জিলাৰ লগতে বিভিন্ন প্ৰান্তত পশুধনৰ অকাল মৃত্যু মুখত পৰিছে ৷

নাহৰণিত পশু চিকিৎসক বিচাৰি হাহাকাৰ ৰাইজৰ

ইফালে ৰাজ্য চৰকাৰ তথা পশু পালন বিভাগে পশু পালন, মীন পালন ইত্যাদি বিভিন্ন ফাৰ্ম খুলি স্বাৱলম্বী হোৱাৰ কথা কৈ থকাৰ সময়তে ৰাজ্যৰ ভিন্ন প্ৰান্তত পশুপান ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ বেছি সংখ্যক পশু চিকিৎসালয়ত নাই চিকিৎসক ।‌ ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ নাহৰণিত থকা পশু স্বাস্থ্য উপ কেন্দ্ৰটো দীৰ্ঘদিন চিকিৎসক নথকাত পৰিত্যক্ত অৱস্থা হৈছে । উল্লেখ্য যে, বৃহত্তৰ নাহৰণি অঞ্চলৰ পশুধনৰ চিকিৎসাৰ সহায় হোৱাৰ উদ্দ্যেশ্যে স্থাপন কৰা হৈছিল পশু চিকিৎসালয় কেন্দ্ৰটো ৷

চৰকাৰে পশুচিকিৎসালয় খন স্থানপন কৰিলে ঠিকেই কিন্তু আজিলৈকে চিকিৎসালয়খন দেখা নগল এজনো পশু চিকিৎসকৰ ৷ ফলত দীৰ্ঘদিনে বন্ধ হৈ থকাত পশুপালকৰ লগতে ৰাইজ পশুধনৰ চিকিৎসাৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে ।

ইতিমধ্যে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই উক্ত পশু স্বাস্থ্য উপ কেন্দ্ৰটোৰ এটা গৃহ নতুনকৈ নিৰ্মাণ কৰিছে যদিও কেন্দ্ৰটো আজিও মুকলি কৰা নাই চৰকাৰে । ইফালে উক্ত পশু স্বাস্থ্য উপ কেন্দ্ৰটোত দীৰ্ঘদিনে এজনো চিকিৎসক নথকাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ ৷ উক্ত পশু স্বাস্থ্য উপকেন্দ্ৰটো শীঘ্ৰে পুনৰ মুকলি কৰাৰ লগতে চিকিৎসক নিযুক্তি দি বৃহত্তৰ অঞ্চলৰ ৰাইজ তথা পশুপালক সকলক উপকৃত কৰি দিবলৈ দাবী জনাইছে বিভিন্ন দল-সংগঠনৰ সদস্য সকলে ।

লগতে পঢ়ক : প্ৰাপ্য মজুৰিৰ দাবীত মদাৰখাটত চাহ শ্ৰমিকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.