ETV Bharat / city

টিংখাঙত আদৰ্শ বিদ্যালয়ৰ কাম আৰম্ভ নোহোৱাৰ বাবে ক্ষুব্ধ বিমল বড়া - Bimal Bora reaction on Model school at Tingkhong

অসম চৰকাৰৰ পদক্ষেপ হিচাপে শেহতীয়াকৈ টিংখাঙৰ দুলিয়াবাম চাহ বাগিচাত আদৰ্শ বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছিল যদিও এতিয়ালৈ কাম আৰম্ভ হোৱা নাই । বিদ্যালয়খন নিৰ্মাণ কৰিবলৈ নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে মন্ত্ৰী বিমল বড়াই (Bimal Bora reaction on Model school at Tingkhong)। মঙলবাৰে অঞ্চলটোত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন কৰে মন্ত্ৰীজনে ।

Tingkhong
টিংখাঙত আদৰ্শ বিদ্যালয়ৰ কাম আৰম্ভ নোহোৱাৰ বাবে ক্ষোভিত বিমল বড়া
author img

By

Published : Aug 17, 2022, 12:37 PM IST

মৰাণ,১৭ আগষ্ট : চাহ বাগিচা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উন্নয়নৰ বাবে ৰাজ্যৰ বিভিন্ন বাগিচা অঞ্চলত স্থাপন কৰা হৈছে আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় । সেই অনুসৰি টিংখাং সমষ্টিৰ অন্তৰ্গত শালমাৰী আৰু দুলিয়াবাম চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উন্নয়নৰ বাবে দুলিয়াবামতো এখন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ বাবে আধাৰশিলা স্থাপন কৰা হৈছিল । কিন্তু আধাৰশিলা স্থাপনৰ পিছতো বিদ্যালয়খন নিৰ্মাণ কৰিবলৈ নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে টিংখাং সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী বিমল বড়াই (Bimal Bora reaction on Model school at Tingkhong)।

টিংখাঙত আদৰ্শ বিদ্যালয়ৰ কাম আৰম্ভ নোহোৱাৰ বাবে ক্ষোভিত বিমল বড়া

টিংখাঙত মঙলবাৰে ৫ টাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন কৰি (Bimal Bora inaugurated model Anganwadi Centre) সাংবাদিকৰ আগত ক্ষোভ প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে বহু কথা চিন্তা কৰি এই স্থানত আদৰ্শ বিদ্যালয়খন স্থাপন কৰিবলৈ লোৱা হৈছিল । কিন্তু বাগিচা অঞ্চলৰ ৰাইজৰ উন্নয়ন নিবিচৰা একাংশ লোকৰ বাবে বিদ্যালয়খন স্থাপন কৰিব পৰা হোৱা নাই ।

ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বাবে বিদ্যালয়খনৰ আধাৰশিলা স্থাপনৰ পিছতো থমকি ৰ'ব লগা হৈছে । মন্ত্ৰীগৰাকীয়ে বাগিচাৰ পৰিচালকগৰাকীক বিদ্যালয়খন স্থাপনৰ বাবে এডোখৰ মাটি ঠিক কৰি দিবলৈও আহ্বান জনাইছে ।

উল্লেখ্য যে মঙলবাৰে মন্ত্ৰী বিমল বড়াই সমষ্টিটোৰ ৰাধাগ্ৰাণ্ট, দুলিয়াবাম, নতুন ভঁ‌ৰালী, ডিৰাই চাহ বাগিচা আৰু ৰাজগড় চাহ বাগিচাত একোটাকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰে ।

লগতে পঢ়ক :মাহমৰাত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰিলে মন্ত্ৰী যোগেন মহনে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.