ETV Bharat / city

ডিব্ৰুগড়ৰ কংকনালৈ দক্ষিণ ভাৰতৰ ছবিৰ প্ৰস্তাৱ - Kongkona won Dazzle Miss India World 2nd runners up title

ডিব্ৰুগড়ৰ কংকনা বৰুৱাই দখল কৰিছে ডেজ্ল মিছ ইণ্ডিয়া ৱৰ্ল্ডৰ দ্বিতীয় ৰাণাৰ্চ আপৰ খিতাপ ৷ ইয়াৰ পাচতে দক্ষিণ ভাৰতৰ বোলছবিত অভিনয়ৰ বাবে প্ৰস্তাৱ লাভ কৰিছে কংকনাই ৷

ডিব্ৰুগড়ৰ কংকনা বৰুৱা
author img

By

Published : Nov 12, 2019, 11:14 PM IST

ডিব্ৰুগড়, 12 নৱেম্বৰ : ডেজ্ল মিছ ইণ্ডিয়া ৱৰ্ল্ডৰ দ্বিতীয় ৰাণাৰ্চ আপৰ খিতাপ দখল কৰিছে ডিব্ৰুগড়ৰ কংকনা বৰুৱাই । এই খিতাপ দখলৰ পাচতে ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাকো গৰ্বিত কৰা কংকনাই দক্ষিণ ভাৰতৰ বোলছবিত অভিনয়ৰ বাবে প্ৰস্তাৱ লাভ কৰিছে । 9 নৱেম্বৰত ৰাজস্থানৰ পুষ্কৰত অনুষ্ঠিত ডেজ্ল মিছ ইণ্ডিয়া ৱৰ্ল্ড প্ৰতিযোগিতাৰ দ্বিতীয় ৰাণাৰ্চ আপ খিতাপ দখল কৰি ৰাষ্ট্ৰীয় পেক্ষাপটত উজ্বলিবলৈ সক্ষম হৈছে কংকনা ৷ মিছ আচাম ইণ্ডিয়া উপাধিৰেও বিভূষিত হৈছিল ডিব্ৰুগড়ৰ নিৱাসী তথা আকাশবাণী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত গাণনিক বিষয়া প্ৰণৱ বৰুৱা আৰু মৃদুলা বৰুৱাৰ দ্বিতীয় সন্তান কংকনা ৷ উল্লেখ্য যে, স্তন কেঞ্চাৰ ৰোগৰ সজাগতাৰ উদেশ্যি আয়োজিত এই ইভেন্ট ক্ৰমে মিছ ইণ্ডিয়া ৱৰ্ল্ড আৰু মিছেছ ইণ্ডিয়া দুটা ভাগত অনুষ্ঠিত হৈছিল ।

কংকনালৈ দক্ষিণ ভাৰতৰ ছবিৰ প্ৰস্তাৱ
ডিব্ৰুগড়ৰ কংকনা বৰুৱা

হাইদৰাবাদৰ এটা মাল্টি নেশ্বনেল কোম্পানীত মানৱ সম্পদ বিষয়া হিচাপে কৰ্মৰত কংকনাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা 'সাংবাদিকতা আৰু গণ মাধ্যম'ৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছিল ৷ অসমৰ বিভিন্ন স্থানত চাকৰি কৰাৰ পাচত উচ্চাভিলাষী কংকনাই নিজৰ প্ৰতিভা বিকাশৰ বাবে হায়দৰাবাদলৈ গমন কৰিছিল ৷

কংকনালৈ দক্ষিণ ভাৰতৰ ছবিৰ প্ৰস্তাৱ
ডিব্ৰুগড়ৰ কংকনা বৰুৱা

ৰাজস্থানত অনুষ্ঠিত প্ৰতিযোগিতাত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা নিৰ্বাচিত চূড়ান্ত 22 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল ৷ কংকনাই জানিবলৈ দিয়া অনুসৰি, দক্ষিণ ভাৰতৰ প্ৰযোজক শ্ৰীকান্ঠ দিপালাই কংকনাক তেওঁৰ পৰৱৰ্তী ছবিত অভিনয়ৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে ৷ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে কিদৰে নিজৰ পিতৃক সৈমান কৰিছিল তথা প্ৰতিযোগিতাৰ বাবে কৰা প্ৰস্তুতি সম্পৰ্কেও জানিবলৈ দিয়ে কংকনাই ৷ ভৱিষ্যতে অসমত কৰ্কট ৰোগীসকলৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বিচাৰে বুলি জনাই কংকনাই ৷ লগতে গৃহভূমি ডিব্ৰুগড়ত এনে ধৰণৰ ইভেন্টৰ প্ৰস্তুতি আৰু প্ৰশিক্ষণৰ ইনষ্টিটিউট গঢ়ি তুলিব বুলি জানিবলৈ দিয়ে কংকনা বৰুৱাই ৷

ডিব্ৰুগড়ৰ কংকনাৰ ডেজ্ল মিছ ইণ্ডিয়া ৱৰ্ল্ডৰ দ্বিতীয় ৰাণাৰ্চ আপৰ খিতাপ

আৰু পঢ়ক :গুৱাহাটী বিশ্ববিদ্যালয়ত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন

Intro:ডিব্ৰুগড়ৰ জীয়ৰী কংকনাৰ শীৰত ডেজ্ল মিছ ইণ্ডিয়া ৱৰ্ল্ডৰ দ্বিতীয় ৰাণাৰচ আপৰ খিতাপ
আহিছে দক্ষিণ ভাৰতৰ ছবিত অভিনয়ৰ প্ৰস্তাৱ:
সকলোতে আনন্দৰ লহৰ।Body::ডেজ্ল মিছ ইণ্ডিয়া ৱৰ্ল্ডৰ
দ্বিতীয় ৰাণাৰচ আপৰ খিতাপ ডিব্ৰুগড়ৰ কংকনা বৰুৱাৰ শীৰত।ডিব্ৰুগড়ৰ জীয়ৰী কংকনা বৰুৱাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দয প্ৰতিযোগিতাখনিত দ্বিতীয় স্থান দখল কৰি দেশৰ সুনাম কৰাই নহয়,ৰাজ্যখনৰ লগতে ডিব্ৰুগড়লৈকো গৰ্বিত কৰাৰ লগে লগে লাভ কৰিছে দক্ষিণ ভাৰতৰ বোলছবিত অভিনেত্ৰীৰ প্ৰস্তাৱ। হাইদৰাবাদৰ এটা মাল্টি নেচনেল কোম্পানীৰ এইছ আৰ হিচাপে কৰ্মৰত কংকনাই বিগত 9 নবেম্বৰত ৰাজস্থানৰ পুষ্কৰত অনুষ্ঠিত ডেজ্ল মিছ ইণ্ডিয়া ৱৰ্ড প্ৰতিযোগিতাৰ দ্বিতীয় ৰাণাৰচ আপ হিচাপে জয়ী হৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নাম উজ্বলাবলৈ সমৰ্থ হয়।মিছ ইণ্ডিয়া ৱৰ্ল্ডৰ মুকুটৰ দৌৰত দ্বিতীয় ৰাৰ্নাচ আপ খিতাপ দখল কৰাৰ লগতে মিচ আচাম ইণ্ডিয়া উপাধিৰে বিভূষিতও হৈ অসম তথা ডিব্ৰুগড়ৰ তনয়াই।এনে বৃহৎ সাফল্যই এফালে যত কংকনাক দেশৰ ভিতৰত নতুন চিনাকি দিছে সমান্তৰালকৈ দাক্ষিণ্যাত্যৰ বোলছবিত অভিনেত্ৰী হিচাপে কাম কৰিবলৈও আহিছে প্ৰস্তাৱ।অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰাই চূড়ান্তভাৱে প্ৰতিদ্বন্দীতাৰ দৌৰত সফলতাৰে আগবাঢ়ি ৰাষ্ট্ৰীয় পৰ্যায়ত  ডিব্ৰুগড়ৰ জীয়ৰী কংকনা বৰুৱাই যোৱা ৯ নৱেম্বৰত ৰাজস্থানৰ পুষ্কৰ চহৰত অনুষ্ঠিত  ডেজ্ল মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০১৯ৰ ( Dazzle Miss India World 2019 )  চূড়ান্ত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি এই খিতাপ অৰ্জন কৰে।স্তনৰ কেঞ্চাৰ ৰোগৰ সজাগতাক উদেশ্যি আয়োজিত ২০১৯ বৰ্ষৰ এই ইভেন্টত ক্ৰমে মিছ ইণ্ডিয়া ৱৰ্ড, আৰু মিছেছ ইণ্ডিয়া দুটা ভাগত অনুষ্ঠিত হৈছিল।ইয়াৰে মিছ ইণ্ডিয়া ৱৰ্ল্ড ইভেন্টৰ প্ৰতিদ্বন্দীতাৰ বাবে নিৰ্বাচিত কংকনাৰ প্ৰয়োজনীয় আনুসংগিক আন গুণ সমূহৰ লগতে সৌন্দৰ্য্যৰ দিশটোও বিশেষ ভাৱে উল্লেখনীয়।ডিব্ৰুগড়ৰ চেইন্ট জেৰ্ভিয়াছ স্কুলৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্তত উৰ্ত্তীণ হৈ,ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিভাগৰ পৰা কৃতকাৰ্য হৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত 'সাংবাদিকতা আৰু গণ মাধ্যম'ৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত ইৰ্ষ্টান টুডে নামৰ এখন ইংৰাজী কাকতত উপ সম্পাদক ৰূপে কাৰ্যনিবাহ কৰাৰ পিছত গোলাঘাটৰ এটা নিউজ পৰ্টেলত কিছুদিন কাম কৰে।কিন্তু উচ্চাভিলাষী কংকনাই নিজৰ প্ৰতিভা বিকশিত কৰাৰ মানসৰে বহি:ৰাজ্য হায়দৰাবাদলৈ গমন কৰে।বৰ্তমানে হায়দৰাবাদৰ এটি বহুজাতিক কোম্পানীত 'মানৱ সম্পদ বিষয়া' হিচাপে কৰ্মৰত।ইফালে অসমক বিশ্ব দৰবাৰত উজ্বলাবলৈ প্ৰয়াস আৰম্ভ কৰা কংকনা ডিব্ৰুগড়ৰ বাণীপুৰ অঞ্চলৰ নিৱাসী তথা আকাশৱাণী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত গানণিক বিষয়া প্ৰণৱ বৰুৱা আৰু গৃহিনী মৃদুলা বৰুৱাৰ দ্বিতীয় সন্তান।ইফালে ৰাজস্থানত অনুষ্ঠিত হোৱা এই চূড়ান্ত প্ৰতিযোগিতাৰ বাবে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা নিৰ্বাচিত চূড়ান্ত ২২ গৰাকী প্ৰতিযোগীৰ সৈতে প্ৰতিদ্বন্দীতাত কংকনাই জানিবলৈ দিয়া মতে প্ৰযোজক Srikanth Deepala ই কংকনাক আগবঢ়াইছে তেওঁৰ পৰৱৰ্তী ছবিত অভিনয়ৰ।BURRAKATHA,SHAKALAKALA VALLABUDHU আদি দক্ষিণৰ জনপ্ৰিয় ছবিৰ প্ৰযোজক গৰাকীৰ তেওঁৰ পৰবৰ্তী ৰোমান্টিক ছবিৰ বাবে কংকনালৈ আগবঢ়াইছে প্ৰস্তাৱ।

ইফালে এই সাফল্যতাৰ পাছত কংকনাই জনাই যে
"মই আজিলৈকে কেতিয়াও ৰেম্পত ভৰি দি পোৱাই নাই।ডেউতাই এইবোৰ একেবাৰে বেয়া পাইছিল আৰু তেওঁৰ বিৰুদ্ধে মই যাব নিবিচাৰোঁ।এদিন ইন্টাৰনেটৰ জৰিয়তে এটা ইভেন্টৰ বাবে ভয়ে ভয়ে(ঘৰত গম পালে গালি পাৰিব বুলি ভাবি) চাৰি কঁপি ফটো পঠাইছিলোঁ।তাৰ পৰাই মই চিলেক্ট হলো আৰু মোক নিদিষ্ট দিনত মাতি পঠোৱা হ'ল।মোক বিভিন্ন বিষয়ৰ ওপৰত মৌখিকভাৱে প্ৰশ্ন কৰিছিল প্ৰথমে আৰু তাৰ পাছতেই অতি অনাকাংশিতভাবেই মই নিৰ্বাচিত হলোঁ।পাছত বহু পলকৈ হে এই কথা মই ঘৰত কৈছিলোঁ।ঘৰত সকলোৱে গম পোৱাৰ পিছত এদিন দেউতাই গম পালে।প্ৰথমে বহুত খং উঠিছিল তেওঁৰ ।শেষত সকলোৱে বুজালে আৰু বাতৰি কাকত,চেনেলত মোৰ চিলেক্টচন হোৱাৰ খবৰ বিয়পি পৰাত অনিশ্ছাস্বতেও যেন ডেউতাই সমৰ্থন কৰিলে।আজি মই দৃঢ়ভাৱে কওঁ যে মই অত্যন্ত সুখী আৰু কৰি দেখুৱালো যে অসাধ্য একো নাই।মনৰ দৃঢ়তা থাকিলেই সকলো সম্ভব।ইয়াৰ বাবে মই সকলো অসমৱাসী ৰাইজ আৰু সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ।"

উল্লেখ যে প্ৰতিযোগিতাৰ বাবে নিতৌ পুৱা এঘন্টা যোগাভ্যাস কৰি পুনৰ জিমলৈ যোৱাৰ পিছত কংকনা নিজ কৰ্মস্থলীলৈ ৰাওনা হয়।প্ৰতিযোগিতাৰ বাবে খাদ্যভাস বহু সলনি কৰাৰ,লগতে মানসিক প্ৰস্তুতিও অব্যাহত ৰাখিছিল।ইফালে এই ইভেন্টৰ বাবে নিৰ্বাচিত হোৱাৰ পিছত কংকনাৰ হাতলৈ দুটামান বিজ্ঞাপনৰ বাবে সুযোগ আহিছিল।ভৱিষ্যতৰ দিনত অসমত থকা কৰ্কট ৰোগীসকলৰ বাবে বিশেষ কিবা এটা কৰাৰ অভিপ্ৰায় থকাৰ কথাও উল্লেখ কৰে কংকনাই
লগতে গৃহ ভুমি ডিব্ৰুগড়ত গঢ়ি তুলিব এনে ইভেন্টৰ প্ৰস্তুতি আৰু প্ৰশিক্ষণৰ এখন ইনস্টিটিউট
।উল্লেখ যে পুষ্কৰত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ বিজয়ী মুকুট জিনিবলৈ সক্ষম হোৱা তথা খিতাপৰ গৰাকীয়ে পৰৱৰ্তী পৰ্যায়ত মিছ ইউনিভাৰ্চ, মিছ ৱৰ্ল্ড খিতাপৰ প্ৰতিদ্বন্দীতাৰ যোগ্যতা অৰ্জন কৰিব।Conclusion:Do

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.