ETV Bharat / city

চাইমন সিং হ'ৰ আৰু সন্তোষ কুমাৰ তপ্ন'ৰ নামত প্ৰতিমূৰ্তি আৰু বাগিছা উন্মোচন - চাউলখোৱাস্থিত চাহ জনজাতি সাংস্কৃতিক কেন্দ্ৰ চৌহদ

বৃহত্তৰ অসমীয়া সমাজখনৰ সৈতে চাহ জনগোষ্ঠীৰ সেঁতু বান্ধোতা জনগোষ্ঠীটোৰ দুগৰাকী ছাত্ৰনেতা প্ৰয়াত চাইমন সিং হ'ৰ আৰু সন্তোষ কুমাৰ তপ্ন'ৰ নামত মঙলবাৰে ডিব্ৰুগড়ত উন্মোচন কৰা হয় এটাকৈ প্ৰতিমূৰ্তি আৰু এখন স্মৃতি উদ্যান ৷

প্ৰতিমূৰ্তি আৰু এখন স্মৃতি উদ্যান উন্মোচন

author img

By

Published : Jul 15, 2020, 12:31 AM IST

ডিব্ৰুগড়, 15 জুলাই : ডিব্ৰুগড়ত স্থাপন কৰা হয় চাইমন সিং হ'ৰ আৰু সন্তোষ কুমাৰ তপ্ন'ৰ প্ৰতিমূৰ্তি আৰু স্মৃতি উদ্যান । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহত্তৰ অসমীয়া সমাজখনৰ লগত চাহ জনগোষ্ঠীয় সমাজখনৰ সেতু বান্ধোতা দুয়োজন চাহ-জনগোষ্ঠীয় প্ৰয়াত নেতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে ।

প্ৰতিমূৰ্তি আৰু এখন স্মৃতি উদ্যান উন্মোচন
প্ৰতিমূৰ্তি আৰু এখন স্মৃতি উদ্যান উন্মোচন

মুখ্যমন্ত্ৰী গৰাকীয়ে এই দুই মহান ব্যক্তিয়ে ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলৰ আর্থ সামাজিক বিকাশৰ বাবে আহোপুৰুষার্থ কৰি অসমৰ জাতীয় জীৱনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য অৰিহণা আগবঢ়াই গৈছে বুলি কয় । জিলাখনৰ চাউলখোৱাস্থিত চাহ জনজাতি সাংস্কৃতিক কেন্দ্ৰ চৌহদত চাহ জনগোষ্ঠীৰ পুৰোধা ব্যক্তি তথা অসম চাহ জনজাতি ছাত্ৰ সংস্থাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদক ক্ৰমে, চাইমন সিং হ'ৰ আৰু সন্তোষ কুমাৰ তপ্নৰ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয় ।

এই সাংস্কৃতিক কেন্দ্ৰ চৌহদত নিৰ্মিত চাইমন সিং হ'ৰ আৰু সন্তোষ কুমাৰ তপ্ন স্মৃতি উদ্যান আৰু প্ৰেক্ষাগৃহ আনুষ্ঠানিকভাবে উন্মোচন কৰে । 2017-18 বর্ষৰ মে'ৰ আনটাইড পূঁজিৰ অধীনত 1 কোটি টকা ব্যয় কৰি এই আঁচনি ৰূপায়ণ কৰা হৈছে । অনুষ্ঠানত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংশোধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, সাংসদ পল্লৱলোচন দাস, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, অসম চাহ মজদুৰ সংঘৰ সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, স্থানীয় বিধায়ক ঋতুপর্ণ বৰুৱা আৰু অসম চাহ জনজাতি ছাত্ৰ সংস্থাৰ নেতাসকল উপস্থিত থাকে ।

লগতে পঢ়কঃ এএম পেলেচ হোটেলৰ সন্মুখত উদ্ধাৰ মানসিক বিকাৰগ্ৰস্তৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.