মৰাণ, 25 অক্টোবৰঃ শাৰদীয় দূৰ্গোৎসৱ উপলক্ষে ডিব্ৰুগড় জিলা প্ৰশাসনে ২৬ অক্টোবৰৰ লৈকে জিলাখনত ড্ৰাই ডে ঘোষণা কৰিছিল । কিন্তু জিলাখনত বৈধ সুৰাৰ বিপনী বন্ধ হোৱাৰ বিপৰীতে চুলাই মদৰ অবাধ প্ৰচলনে ড্ৰাই ডে ঘোষণাক মূল্যহীন কৰা বুলি একাংশ সচেতন লোকে অভিযোগ কৰে ।
![Exisice Depertment operation against illegal wine At Moran](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-806to8010-operationagainstillegalwineduringdurgapujainmoran-as10031_25102020092754_2510f_1603598274_669.jpg)
ইফালে, শাৰদীয় দূৰ্গোৎসৱৰ মাজতে শনিবাৰে ডিব্ৰুগড় জিলাত অবৈধ সুৰাৰ প্ৰচলন বন্ধ কৰাৰ বাবে আৱকাৰী বিভাগ আৰু মৰাণ আৰক্ষীয়ে এক অভিযান চলায় ৷ উক্ত অভিযানত মৰাণৰ ফটিকাছোৱা, আহোম গাওঁ, ৰাংচালি, মিৰিহোলা, মদাৰগুৰি আদি এলেকাৰ পৰা ৬০০ লিটাৰ চুলাই মদ, চুলাই প্ৰস্তুতত ব্যৱহৃত সামগ্ৰীৰ লগতে আৰু বৃহৎ পৰিমানৰ চুলাই মদ নষ্ট কৰে ৷
লগতে পঢ়ক- বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰসহ আটক দুজন