ETV Bharat / city

মহিলা কনিষ্টবল পুনি মেচলৈ অসম আৰক্ষীৰ শেষ শ্ৰদ্ধা - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জয়পুৰ শাখাৰ সভাপতি তৰুণ পালৰ পত্নী

ডিব্ৰুগড় জিলা প্ৰশাসনৰ মহিলা চালামী দলৰ দ্বাৰা শেষ চালামী মহিলা কনিষ্টবল পুনি মেচলৈ ৷ মৰোণত্তৰ পৰীক্ষাত ধৰা পৰিছিল যুৱতীগৰাকীৰ দেহত ক’ভিড-19 ৰ উপস্থিতিৰ কথা ৷

মহিলা কনিষ্টবল পুনি মেচলৈ অসম আৰক্ষীৰ শেষ শ্ৰদ্ধা

author img

By

Published : Jul 25, 2020, 4:41 AM IST

ডিব্ৰুগড়, 25 জুলাই: ক’ভিড-19 ত আক্ৰান্ত হৈ যোৱা 22 জুলাই তাৰিখে শেষ নিশ্বাস ত্যাগ কৰিছিল নামৰূপ আৰক্ষী চকীৰ মহিলা কনিষ্টবল পুনি মেচ পালে ৷ শুকুৰবাৰে ডিব্ৰুগড় আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় মহিলা কনিষ্টবলগৰাকীক ৷ দীৰ্ঘদিন ধৰি প্ৰশাসনিক সেৱা আগবঢ়োৱা পুনি মেচক শেষ চালামীৰে বিদায় জনাই ডিব্ৰুগড় জিলা প্ৰশাসনৰ মহিলা চালামী দলে ৷

উল্লেখ্য যে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জয়পুৰ শাখাৰ সভাপতি তৰুণ পালৰ পত্নী মৃত পুনি মেচ পাল মহিলা আৰক্ষী হোৱাৰ উপৰিও এগৰাকী প্ৰতিভা সম্পন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈও আছিল ।

দুবাৰকৈ ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰি কৃতিত্ব অৰ্জন কৰাৰ লগতে জিলা খনলৈও গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল পুনি মেচে ৷

মহিলা কনিষ্টবল পুনি মেচলৈ অসম আৰক্ষীৰ শেষ শ্ৰদ্ধা
মহিলা কনিষ্টবল পুনি মেচলৈ অসম আৰক্ষীৰ শেষ শ্ৰদ্ধা

বৃক্কজনীত ৰোগত আক্ৰান্ত হৈ বিগত 19 জুলাইৰ পৰা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল পুনি মেচ ৷ অৱশেষত 22 জুলাই তাৰিখে শেষ নিশ্বাস ত্যাগ কৰিছিল মহিলা কনিষ্টবলগৰাকীয়ে ৷ পৰিতাপৰ কথা এই যে, মৰোণত্তৰ পৰীক্ষাত হে ধৰা পৰে যুৱতীগৰাকীৰ দেহত ক’ভিড-19 ৰ উপস্থিতিৰ কথা । 32 বছৰীয়া পুনি মেচে মৃত্যুৰ সময়ত স্বামী তৰুণ পালৰ লগতে তেওঁৰ এগৰাকী 9 বছৰীয়া কণমানি পুত্ৰ সন্তানক ইহ সংসাৰত এৰি থৈ যায় ।

লগতে চাওক-বাৰেকুৰিত বাঘজানৰ তৈলক্ষেত্ৰৰ অগ্নি নিৰ্বাপনৰ দাবীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.