মৰাণ, 2 জানুৱাৰী : পাঁচদিনীয়া ভ্ৰমণসূচীৰে দেওবাৰে উজনি অসমলৈ যাত্ৰা (Upper Assam Tour of Dr Himanta Biswa Sarma) আৰম্ভ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কাৰ্যসূচী অনুসৰি পুৱা 9 বজাত দিশপুৰ এৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
এই ভ্ৰমণসূচী অনুসৰি 5 জানুৱাৰীত নাহৰকটীয়া ৰাজহ চক্ৰৰ অধীনষ্ঠ চাচনি মেৰবিল ইক' টুৰিজম প্ৰকল্প (Sasoni Merbil Eco Tourism Park) ত উপস্থিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM to visit Sasoni Merbil Eco Tourism Park) ৷

শীতৰ এই সময়চোৱাত ইতিহাসেৰে সমৃদ্ধ মনোমোহা মেৰবিলত উপস্থিত হৈছে দেশী-বিদেশী অজস্ৰ পৰিভ্ৰমী চৰাই । পৰিভ্ৰমী চৰাইৰ কাকলিত মুখৰিত হৈ নৈসৰ্গিক সৌন্দৰ্যৰে ভৰি পৰিছে মেৰবিলৰ বাকৰি ৷

ইতিমধ্যে মুখ্যমন্ত্ৰীৰ ভ্ৰমণসূচীৰ পূৰ্বে তৎপৰ হৈ পৰিছে ডিব্ৰুগড় প্ৰশাসনৰ লগতে পৰ্যটন বিভাগ ৷ শনিবাৰে মেৰবিলত উপস্থিত হয় ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত বিশ্বজিত পেগুৰ লগতে জিলা আৰক্ষী অধীক্ষক আৰু উচ্চ পদস্থ আৰক্ষী বিষয়াৰ এটা দল ৷ দলটোৱে প্ৰকল্পটোৰ সঞ্চালক মণি মানিক গগৈৰ পৰা প্ৰকল্পটোৰ সকলো কাম-কাজৰ অগ্ৰগতি সম্পৰ্কে বুজ লয় (Dibrugarh administration visits Sasoni Merbil Eco Tourism Park) ৷

হাজাৰ হাজাৰ বিঘা মাটি সামৰি সৃষ্টি হোৱা মেৰবিলত ভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ উৰণ ভংগীমাই সাধাৰণ লোকৰ লগতে প্ৰকৃতিপ্ৰেমীসকলৰ মন পুলকিত কৰি তুলিছে ৷ ইয়াৰোপৰি মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণে চাচনি-মেৰবিল ইক'-টুৰিজম প্ৰকল্পত উন্নয়নৰ বাবে বিশেষ ব্যৱস্থাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিব বুলি ডিব্ৰুগড়বাসীয়ে আশা কৰিছে ৷
লগতে পঢ়ক : অসমত এতিয়া জনগোষ্ঠীয় উগ্ৰপন্থা শেষ হৈছে, পৰেশ বৰুৱাও শান্তিৰ পক্ষত: মুখ্যমন্ত্ৰী