ETV Bharat / city

ডিব্ৰুগড়ত আৰক্ষী বিষয়াৰে DGP ভাস্কৰ জ্যোতি মহন্তৰ গুৰুত্বপূৰ্ণ বৈঠক - আৰক্ষী বিভাগৰ সংস্কাৰ

নাৰীজনিত অপৰাধৰ গোচৰ গ্ৰহণ কৰোতে আৰক্ষীক সদায় সচেতন হ’বলৈ আহ্বান আৰক্ষী সঞ্চালক প্ৰধান প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ ৷ আৰক্ষী বিভাগৰ সংস্কাৰৰ বাবে ডিব্ৰুগড়ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ গুৰুত্বপূৰ্ণ বৈঠক ৷

DGP Bhaskar jyoti Mahanta attended an important meeting at Dibrugarh
আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত
author img

By

Published : Nov 9, 2021, 3:27 PM IST

মৰাণ, 9 নৱেম্বৰ : আৰক্ষী বিভাগৰ সংস্কাৰৰ সন্দৰ্ভত সোমবাৰে ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক, অতিৰিক্ত অধীক্ষক আৰু সকলো আৰক্ষী চকীৰ মুৰব্বীৰ লগত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । ডিব্ৰুগড়-শদিয়া- তিনিচুকীয়া আদিকে ধৰি বহুকেইটা স্থানৰ আৰক্ষী বিষয়াসকলৰ লগত ডিব্ৰুগড় জিলাৰ মোহনবাৰীস্থিত অৰুণাচল প্ৰদেশৰ আৱৰ্ত ভৱনত এই বৈঠকখন অনুষ্ঠিত হয় ।

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত

প্ৰায় কেইবাঘণ্টা ধৰি অনুষ্ঠিত এই হোৱা এই বৈঠকত বিশেষকৈ অপৰাধজনিত বিভিন্ন দিশসমূহ আলোচনা কৰা হয় বুলি জানিবলৈ দিয়া আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই । ইফালে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ৰাইজক আৰক্ষীক সহায় কৰিবলৈ অনুৰোধ জনাই সংবাদ মাধ্যমত কয়, ‘‘অসম পুলিচ স্মাৰ্ট হ'ব লাগিব । ভিন্ন কেছ ডায়েৰীসমূহ লিখিব জানিব লাগিব । মই সকলোকে কৈছো, নাৰীজনিত অপৰাধমূলক কামত আমাৰ অসমৰ নাম আগত আছে যাকলৈ ভিন্ন সময়ত সমালোচনাও হৈ আহিছে’’ ।

আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে নাৰীজনিত অপৰাধমূলক কেছ গ্ৰহণ কৰোতে আৰক্ষীক সদায় সচেতন হ'বলৈ আহ্বান জনায় ৷ বৈঠকত উজনি অসমৰ ডিব্ৰুগড়-শদিয়া- তিনিচুকীয়া জিলাৰ কোন কোন থানাত কিমান কেছ বৰ্তমান সমাধান নোহোৱাকৈ আছে, কিয় হোৱা নাই বা কোন থানাৰ কেছ সৰ্বাধিক তাৰ বুজ লোৱাৰ কথা জানিবলৈ দিয়ে সঞ্চালক প্ৰধানজনে ।

লগতে পঢ়ক : পৰিবহণ বিষয়াৰ কাৰ্যালয়ত কৰ্মচাৰীক প্ৰহাৰ : ড৹ সমুজ্জল ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.