ETV Bharat / city

চৰাইদেউৰ সকলো চৰকাৰী কাৰ্যালয় চৌহদক ধঁপাতমুক্ত এলেকা ঘোষণা - চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়

চৰাইদেউ জিলাৰ চৰকাৰী কাৰ্যালয়, বিদ্যালয়-মহাবিদ্যালয়ত এতিয়াৰে পৰা কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব ধঁপাত জাতীয় সামগ্ৰী ৷ চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱাই জাৰি কৰে এই নিৰ্দেশনা(Charaideo district administration strict order on Tobacco) ৷ নিৰ্দেশ অমান্য কৰা লোকৰ বিৰুদ্ধে আইন অনুসৰি গ্ৰহণ কৰা হ’ব শাস্তিমূলক ব্যৱস্থা ৷

charaideo-district-administration-strict-order-on-tobacco
সকলো চৰকাৰী কাৰ্যালয় চৌহদক ধঁপাতমুক্ত এলেকা ঘোষণা
author img

By

Published : Jul 14, 2022, 10:45 PM IST

মৰাণ, 14 জুলাই : চৰাইদেউ জিলাক ধঁপাতমুক্ত কৰিবলৈ তৎপৰ হৈছে চৰাইদেউ জিলা প্ৰশাসন । জিলা উপায়ুক্ত কাৰ্যালয়ৰ লগতে সকলো চৰকাৰী বিভাগৰ কাৰ্যালয়, বিদ্যালয়-মহাবিদ্যালয়ৰ চৌহদক ধঁপাতমুক্ত এলেকা ঘোষণা কৰিছে চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱাই (Charaideo District Collector Paul Barua)। চৰাইদেউৰ জিলা উপায়ুক্ত পল বৰুৱাই বৃহস্পতিবাৰে জাৰি কৰা এক নিৰ্দেশ যোগে উপায়ুক্ত কাৰ্যালয় প্ৰমুখ্যে জিলাখনৰ সকলো চৰকাৰী বিভাগৰ কাৰ্যালয়, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ চৌহদক ধঁপাতমুক্ত এলেকা হিচাপে ঘোষণা কৰে ।

charaideo-district-administration-strict-order-on-tobacco
চৰাইদেউৰ জিলা উপায়ুক্তৰ নিৰ্দেশনা

এই নিৰ্দেশ অনুসৰি উল্লেখিত কাৰ্যালয়সমূহৰ চৌহদত ধূমপান কৰা, ধঁপাত বা ধঁপাতযুক্ত সামগ্ৰী যেনে গুটখা আৰু একেধৰণৰ সামগ্ৰী আদিৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে । এই নিৰ্দেশ তৎকালীনভাৱে বলৱৎ হোৱাকৈ জাৰি কৰা হৈছে আৰু এই নিৰ্দেশ অমান্য কৰা লোকৰ বিৰুদ্ধে আইন অনুসৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্তগৰাকীয়ে ।

জিলা প্ৰশাসনৰ এই নিদেৰ্শনা কিমান দূৰ বাস্তৱায়িত হয় সেয়া সময়তহে লক্ষ্যণীয় হ’ব ৷ কিয়নো জিলাখনত মুক্তভাৱে ব্যাপক হাৰত প্ৰচলিত হৈ আছে ধঁপাতযুক্ত সামগ্ৰী ।

লগতে পঢ়ক :

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.