ETV Bharat / city

মহাৰাষ্ট্ৰত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

author img

By

Published : May 29, 2021, 10:54 PM IST

পুনৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱকৰ ৷ হত্যাৰ সন্দেহ পৰিয়ালৰ ৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নাহৰকটীয়া আঞ্চলিক সমিতিয়ে অসম চৰকাৰৰ হস্তক্ষেপত বিষয়টোৰ নিৰপেক্ষ তদন্তৰ দাবী জনায় ৷

মহাৰাষ্ট্ৰত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
মহাৰাষ্ট্ৰত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

নাহৰকটীয়া, 29 মে' : পেটৰ তাড়নাত সংস্থাপন বিচাৰি গৈ বহিঃৰাজ্যত পুনৰ মৃত্যুক সাৱটিলে অসমৰ এজন যুৱকে ৷ নামৰূপ আৰক্ষী থানাৰ অন্তৰ্গত ঘিনাই গাঁৱৰ নিৱাসী কিৰণমাচি ৰৌথ আৰু মাৰিয়াম ৰৌথৰ পুত্ৰ প্ৰায় ২৬ বছৰীয়া আৰ্বিন ৰৌথে ৪ বছৰৰ পূৰ্বে কৰ্মৰ সন্ধানত মহাৰাষ্ট্ৰলৈ গৈছিল । জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ পুনেত অৱস্থিত জামিল ষ্টীল নামৰ এটা ব্যক্তিগত কোম্পানীত শ্ৰমিক ৰূপে নিয়োজিত আছিল যুৱকজন ৷

উল্লেখনীয় যে, বিগত চাৰি বছৰ ধৰি কাম কৰি থকা যুৱকজন হঠাৎ ২১ মে'ৰ পৰা সন্ধানহীন হৈ থকাৰ খবৰ আহে পৰিয়াললৈ ৷ যুৱকজনৰ সন্ধানহীন হোৱাৰ চাঞ্চল্য মাৰ নাযাওঁতেই ২৪ মে'ত এটা পুখুৰীত উদ্ধাৰ হৈ যুৱকজনৰ মৃতদেহ ৷

যুৱকজনৰ ৰূমৰপৰা প্ৰায় দুশ মিটাৰ দূৰত্বত থকা এটা পুখুৰীত উপঙি অৱস্থাত মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত স্থানীয় ৰঞ্জনগাওঁ আৰক্ষী থানাই মৃতদেহ চমজি লৈ তদন্ত আৰম্ভ কৰাৰ লগতে দৰিদ্ৰ শ্ৰমিক পৰিয়ালটোৰ অনুমতি সাপেক্ষে প্ৰশাসনে তাতেই সম্পূৰ্ণ ৰীতি নীতিৰে শেষকৃত সম্পন্ন কৰে ৷

ইফালে যুৱকজনৰ ৰহস্যজনক মৃত্যুত পৰিয়ালৰ লোকে হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে যদিও পৰৱৰ্তী আৰক্ষীৰ অনুসন্ধানতহে পোহৰলৈ আহিব প্ৰকৃত সত্য ৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ সভাপতি মিখেল পুৰ্টিৰ লগতে সংগঠনটোৰ কেইবাগৰাকীও বিষয়ববীয়াই কালি নিগামস্থিত যুৱকজনৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোক সমবেদনা জনোৱাৰ লগতে এক বিবৃতিযোগে অসম চৰকাৰৰ হস্তক্ষেপত বিষয়টোৰ নিৰপেক্ষ তদন্তৰ দাবী জনায় ৷

লগতে পঢ়ক : বৰখাটাত বলেৰ' পিক আপ ভান বাগৰি নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.