ETV Bharat / city

অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ক’ভিড-19ত আক্ৰান্ত - ডাঃ সঞ্জীৱ কাকতি

কিছু মাহ পূৰ্বে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষৰ দ্বায়িত্বভাৰ লাভ কৰা জেষ্ঠ চিকিৎসক ডাঃ সঞ্জীৱ কাকতি বিগত পাঁচ দিন পূৰ্বে ক’ভিড-19 ত পজিটিভ হিচাপে চিনাক্ত হৈছিল।

অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ক’ভিড-19ত আক্ৰান্ত

author img

By

Published : Sep 17, 2021, 7:25 PM IST

ডিব্ৰুগড়, 17 ছেপ্তেম্বৰ: অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ক’ভিড-19 ত আক্ৰান্ত । সম্প্ৰতি ক’ভিড আক্ৰান্ত হৈ আইচিইউত চিকিৎসাধীন হৈ আছে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা জেষ্ঠ মেডিচিন বিশেষজ্ঞ চিকিৎসক ডাঃ সঞ্জীৱ কাকতি।

জানিবপৰা মতে, কিছু মাহ পূৰ্বে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষৰ দ্বায়িত্বভাৰ লাভ কৰা জেষ্ঠ চিকিৎসক ডাঃ সঞ্জীৱ কাকতি বিগত পাঁচ দিন পূৰ্বে ক’ভিড-19 ত পজিটিভ হিচাপে চিনাক্ত হৈছিল।

লগতে পঢ়কঃ জলজীৱন মিছনত উত্তৰ-পূৱৰ বাবে ৯,৮০০ কোটি : গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী শ্বেখাৱট

অৱশেষত শুকুৰবাৰে তেওঁক আইচিইউত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে । অসম চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলেটি ব্ল'কৰ আইচিইউত ভৰ্তি কৰোৱা হৈছে চিকিৎসক গৰাকীক । সম্প্ৰতি তেওঁৰ স্বাস্থ্যত কোনো ধৰণৰ জটিলতা নাই বুলি জানিবলৈ দিছে অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে ৷

লগতে পঢ়কঃ নামনি অসমৰ ৭ খন জিলাত টেট পৰীক্ষা কেন্দ্ৰ স্থাপন নকৰাক লৈ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.