ETV Bharat / city

নাহৰকটীয়াত একেলগে যুগ্ম জীৱনৰ পাতনি মেলিলে ১৫১ যোৰা দৰা-কইনাই - নাহৰকটীয়াৰ বাণিজ্যিক প্ৰকল্প পৰিসৰ

আয়তীৰ উৰুলি আৰু পুৰোহিতৰ মন্ত্ৰধ্বনিৰে মঙলবাৰে মুখৰিত হয় নাহৰকটীয়াৰ বাণিজ্যিক প্ৰকল্প পৰিসৰ ৷ একেলগে হোমৰ গুৰিত বহি যুগ্ম জীৱনৰ পাতনি মেলিলে ১৫১ যোৰা দৰা-কইনাই(Community marriage of 151 couples in Naharkatia) ৷

151-couples-tie-knot-at-mass-marriage-function-in-naharkatia
নাহৰকটীয়াত একেলগে যুগ্ম জীৱনৰ পাতনি মেলিলে ১৫১ যোৰা দৰা-কইনাই
author img

By

Published : Aug 17, 2022, 1:35 PM IST

মৰাণ, 17 আগষ্ট: নাহৰকটীয়া বাণিজ্য প্ৰকল্প পৰিসৰত মঙলবাৰে পালন কৰা হ'ল সমূহীয়া বিবাহ সংস্কাৰ(Mass marriage program held in Naharkatia) । নাহৰকটীয়াৰ বাণিজ্যিক প্ৰকল্প পৰিসৰত ডিব্ৰুগড় জিলাৰ বিবাহ সংস্কাৰ কমিটীৰ উদ্যোগত আৰু দ্যা হান্স ফাউণ্ডেছনৰ সহযোগত আয়োজন কৰা হয় সামূহিক বিবাহ ৷ আয়তীৰ উৰুলি-পুৰোহিতৰ মন্ত্ৰধ্বনিৰ মাজত ৰভাতলীত হোমৰ গুৰিত বহি যুগ্ম জীৱনৰ পাতনি মেলিলে ১৫১ যোৰা দৰা-কইনাই ৷

নাহৰকটীয়াত একেলগে যুগ্ম জীৱনৰ পাতনি মেলিলে ১৫১ যোৰা দৰা-কইনাই

যিসকল যুৱক-যুৱতী বিবাহৰ বাবে উপযুক্ত হোৱাৰ পিছতো আৰ্থিক অনাটন বা অন্যান্য কাৰণত বিবাহপাশত আৱদ্ধ হ'ব পৰা নাই, সেইসকল যুৱক-যুৱতী আৰু পুৰুষ-মহিলাৰ বিবাহৰ বাবে বিশেষভাৱে দায়িত্ব ল'লে দ্যা হান্স ফাউণ্ডেছনে । ডিব্ৰুগড় বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত আৰু দ্যা হান্স ফাউণ্ডেছনৰ সহযোগত আয়োজন কৰা এই বিবাহ সংস্কাৰ অনুষ্ঠানত চাচনী চেঁচা সত্ৰৰ সত্ৰাধিকাৰ পৰেশ গোস্বামী উপস্থিত হৈ মাংগলিক নীতি নিয়ম আৰম্ভ কৰাৰ পিছতেই পুৰোহিতৰ মন্ত্ৰধ্বনিৰ মাজতেই হোমৰ গুৰিত বহিল ১৫১ যোৰা দৰা-কইনাই(151 pairs start a life together in Naharkatia ) ।

সমূহীয়া বিবাহ উপলক্ষে আয়োজন কৰা বিশাল ভোজভাতত এসাঁজ উদৰ পূৰাই খালে দৰা-কইনাৰ আত্মীয়সহ অতিথিসকলে । ইয়াৰ ওপৰিও দৰা-কইনাক ফাউণ্ডেচনৰ ফালৰ পৰা আগবঢ়োৱা হ'ল সামান্য পৰিমাণৰ উপহাৰৰ টোপোলা । অন্যহাতে এই সমূহীয়া বিবাহ অনুষ্ঠানতে নিজৰ যুগ্ম জীৱনৰ পাতনি মেলি মনৰ ভাব ব্যক্ত কৰিলে নৱ-দম্পতিয়ে ৷ চলিহা বাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ গজেন্দ্ৰ মহন্ত, নামফাকে বৌদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ জ্ঞানপাল মহাথেৰৰ লগতে নাহৰকটীয়া অঞ্চলৰ কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ উপস্থিত হৈ নৱ-দম্পতি সকলক আশীষ দিয়ে ।

দৰা-কইনা সকলক যুগ্ম জীৱনৰ শুভেচ্ছা প্ৰদান কৰিবলৈ বিবাহস্থলীত উপস্থিত হ'ল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈ । দুয়োগৰাকী জনপ্ৰতিনিধিয়ে বিবাহস্থলীত উপস্থিত হৈ ফাউণ্ডেচনৰ পদক্ষেপক শলাগ লোৱাৰ লগতে নৱ-দম্পতি সকলক যুগ্ম জীৱনৰ শুভেচ্ছা দিয়ে ৷

লগতে পঢ়ক: Social marriage program: লখিমপুৰত ছশ দম্পতীৰ সামূহিক বিবাহৰ আয়োজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.