বিলাসীপাৰা, 21 এপ্ৰিল : বিলাসীপাৰা অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতে বুধবাৰে প্ৰদান কৰে এক ঐতিহাসিক ৰায়দান । বিগত সুদীৰ্ঘ 8 বছৰৰ পিছত ৰুণজুন হকৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ৬ অপৰাধীক সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত(Imprisonment with hard labour) কৰে অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতে ।
2013 চনৰ 16 আগষ্টত বিলাসীপাৰাৰ খেৰডুবীত অতি নিশংসভাৱে হত্যা কৰা হৈছিল বিলাসীপাৰাৰ শ্ৰীগ্ৰামৰ ৰুণজুন হকক(Runjun Haque murder case) । উক্ত লোমহৰ্ষক হত্যাকাণ্ডত গুৰুতৰভাৱে আহত হৈছিল ৰুণজুন হকৰ ভাতৃ মুনমুন হক । ঘটনাৰ সন্দৰ্ভত বিলাসীপাৰা থানাত IPC 109/15 ৰ 147/148/149/341/323/ 02/34 ধাৰাৰ অধীনত ৰুজু কৰা হৈছিল গোচৰ ৷
সুদীৰ্ঘ ৮ বছৰৰ পিছত বুধবাৰে বিলাসীপাৰা সত্ৰ ন্যায়াধীশ আদালতৰ ন্যায়াধীশ বৰ্ণালী মহন্তই উক্ত গোচৰৰ চূড়ান্ত ৰায়দান কৰে ।
ৰায়দানত ৰুণজুন হক লোমহৰ্ষক হত্যাকাণ্ডৰ লগত জড়িত ৬ দুৰ্ধৰ্ষ অপৰাধীক সশ্ৰম যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে আদালতে । যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা অপৰাধীকেইজন ক্ৰমে আমিৰ আলী(65), বদিয়াৰ জামাল(40), আব্দুল আৱাল(35), শ্বাহজামাল শেখ (35), জয়নাল আবেদিন(35), আৰু ছুৰমান আলী (30) ।
লগতে পঢ়ক : নগাঁৱৰ নিচামুক্তি কেন্দ্ৰত চিকিৎসাৰ নামত যুৱকক হত্যাৰ অভিযোগ