ETV Bharat / city

গোৱালপাৰা আৰক্ষী চাউনীত বিনামূলীয়া স্বাস্থ্য শিবিৰ

author img

By

Published : Oct 28, 2021, 10:22 PM IST

সম্প্ৰতি কৰ্কট ৰোগীসকলৰ মাজত মহিলা আক্ৰান্তৰ সংখ্যা তুলনামূলকভাবে বৃদ্ধি পাইছে ৷ আৰক্ষী বিষয়াসকলে চিকিৎসাৰ সকলো সা-সুবিধা লাভ কৰে যদিও কৰ্ম ব্যস্ততাৰ বাবে উপযুক্ত সময়ত চিকিৎসা সুবিধা গ্ৰহণৰ পৰা বঞ্চিত হয় ৷ যাৰবাবে গোৱালপাৰাত বৃহস্পতিবাৰে অসম আৰক্ষীৰ সহযোগত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয় ৷

Free health check up camp at Goalpara
গোৱালপাৰা আৰক্ষী চাউনীত বিনামূলীয়া স্বাস্থ্য শিবিৰ

গোৱালপাৰা, ২৮ অক্টোবৰ : গোৱালপাৰা আৰক্ষী চাউনীত বৃহস্পতিবাৰে বি বৰুৱা কৰ্কট চিকিৎসা প্ৰতিষ্ঠান আৰু অসম আৰক্ষীৰ সহযোগত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয় । স্বাস্থ্য শিবিৰটোত মহিলা আৰক্ষী আৰু কৰ্মৰত আৰক্ষীৰ পৰিয়ালৰ মহিলা সদস্যসকলৰ বি বৰুৱা কৰ্কট চিকিৎসা প্ৰতিষ্ঠানৰ এটা বিশেষজ্ঞ চিকিৎসকৰ দলে স্বাস্থ্য পৰীক্ষা কৰায় ।

গোৱালপাৰাৰ এই বিনামূলীয়া স্বাস্থ্য শিবিৰত যথেষ্ট সংখ্যক মহিলা আৰক্ষী আৰু কৰ্মৰত আৰক্ষীৰ পত্নী তথা পৰিয়ালৰ সদস্যই স্বাস্থ্য পৰীক্ষা কৰায় । স্বাস্থ্য শিবিৰটো উদ্বোধন কৰে অসম আৰক্ষীৰ মহাপৰিদৰ্শক ভাস্কৰজ্যোতি মহন্তৰ পত্নী স্বপ্নালী মহন্তই । অসম আৰক্ষীৰ পশ্চিম মণ্ডলৰ উপ-মহাপৰিদৰ্শক দিলীপ কুমাৰ দে’য়ে স্বাস্থ্য শিবিৰৰ কাম-কাজত সহযোগ কৰে ।

লগতে পঢ়ক : ধুবুৰীত অসম আৰক্ষীৰ শ্বহীদৰ সন্মানত মাৰ্চ প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.