বিলাসীপাৰা, 1 আগষ্ট : বিলাসীপাৰাৰ হাজাৰীপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ যৌতুক কাণ্ড ৷ মাফ্ৰুজা বেগম নামৰ এগৰাকী বোৱাৰীয়ে স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে আনিছে নিৰ্যাতনৰ অভিযোগ ৷ অভিযোগ অনুসৰি হাজাৰীপাৰাৰ আখিৰুল ইছলামৰ ঘৰলৈ চৈধ্য বছৰ পূৰ্বে প্ৰেমসূত্ৰে বিয়া হৈ আহিছিল মাফ্ৰুজা বেগম নামৰ এজনী পিতৃহীনা যুৱতী ৷ কিন্তু শেহতীয়াকৈ সীমান্ত সুৰক্ষা বাহিনীত (BSF) কৰ্মৰত পতি আখিৰুল ইছলাম নিজ গৃহ হাজাৰীপাৰাৰ উপস্থিত হৈ পত্নী মাফ্ৰুজাক পিতৃ গৃহৰ পৰা মটৰ চাইকেল কিনাৰ বাবদ এক লাখ টকা আনিবলৈ হেঁচা প্ৰয়োগ কৰে | মাফ্ৰুজাই ইমান টকা ক’ৰ দিব পাৰিব বুলি কোৱাত খঙত টিঙিৰিতুলা হৈ জোৱান জনে তেওঁৰ ভাতৃ আক্তাৰুল ইছলাম আৰু পিতৃ নুৰ ইছলামৰ সহযোগত পত্নীক অকথ্য শাৰীৰিক নিৰ্যাতন চলায় ৷ তেওঁলোকে মাফ্ৰুজাৰ শৰীৰৰ বিভিন্ন স্থানত কিল ঘোচা তথা লাঠিৰে কোবাই আঘাত কৰাৰ উপৰিও মূৰৰ চুলি পৰ্যন্ত কাটি দিয়ে ৷ আনকি ইয়াতে ক্ষান্ত নাথাকি চোকা অস্ত্ৰৰে হত্যা কৰাৰ চেষ্টা চলায় বুলিও কোনো মতে প্ৰাণ লৈ পলাই আহি লক্ষীগঞ্জ আৰক্ষী চকীত উপস্থিত হৈ মাফ্ৰুজাই অভিযোগ দিয়ে ৷ ঘটনা সন্দৰ্ভত স্বামী আখিৰুল ইছলাম, শহুৰ নুৰ ইছলাম, ভাই শহুৰ আক্তাৰুল ইছলামৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে বোৱাৰী গৰাকীয়ে ৷ এতিয়া প্ৰশ্ন হয় সমাজৰ ব্যাধি স্বৰূপ যৌতুক দাবী কৰি নিজ পত্নীক হত্যা কৰিবলৈ উদ্যত হোৱা BSF জোৱান জনৰ বিৰুদ্ধে আইনে কিদৰে ব্যৱস্থা গ্ৰহণ কৰিব ? পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হ’ব ৷
বিলাসীপাৰাত যৌতুক কাণ্ড : পত্নীক হত্যাৰ অপচেষ্টা বি এছ এফ জোৱানৰ - bilasipara
মটৰ চাইকেল কিনিবৰ বাবে পিতৃ গৃহৰ পৰা এক লাখ টকা আনিবলৈ হেঁচা প্ৰয়োগ ৷ পত্নীয়ে অগ্ৰাহ্য কৰাত স্বামীৰ লগতে তেওঁৰ পৰিয়ালে চলালে তীব্ৰ শাৰীৰিক-মানসিক নিৰ্যাতন

বিলাসীপাৰা, 1 আগষ্ট : বিলাসীপাৰাৰ হাজাৰীপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ যৌতুক কাণ্ড ৷ মাফ্ৰুজা বেগম নামৰ এগৰাকী বোৱাৰীয়ে স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে আনিছে নিৰ্যাতনৰ অভিযোগ ৷ অভিযোগ অনুসৰি হাজাৰীপাৰাৰ আখিৰুল ইছলামৰ ঘৰলৈ চৈধ্য বছৰ পূৰ্বে প্ৰেমসূত্ৰে বিয়া হৈ আহিছিল মাফ্ৰুজা বেগম নামৰ এজনী পিতৃহীনা যুৱতী ৷ কিন্তু শেহতীয়াকৈ সীমান্ত সুৰক্ষা বাহিনীত (BSF) কৰ্মৰত পতি আখিৰুল ইছলাম নিজ গৃহ হাজাৰীপাৰাৰ উপস্থিত হৈ পত্নী মাফ্ৰুজাক পিতৃ গৃহৰ পৰা মটৰ চাইকেল কিনাৰ বাবদ এক লাখ টকা আনিবলৈ হেঁচা প্ৰয়োগ কৰে | মাফ্ৰুজাই ইমান টকা ক’ৰ দিব পাৰিব বুলি কোৱাত খঙত টিঙিৰিতুলা হৈ জোৱান জনে তেওঁৰ ভাতৃ আক্তাৰুল ইছলাম আৰু পিতৃ নুৰ ইছলামৰ সহযোগত পত্নীক অকথ্য শাৰীৰিক নিৰ্যাতন চলায় ৷ তেওঁলোকে মাফ্ৰুজাৰ শৰীৰৰ বিভিন্ন স্থানত কিল ঘোচা তথা লাঠিৰে কোবাই আঘাত কৰাৰ উপৰিও মূৰৰ চুলি পৰ্যন্ত কাটি দিয়ে ৷ আনকি ইয়াতে ক্ষান্ত নাথাকি চোকা অস্ত্ৰৰে হত্যা কৰাৰ চেষ্টা চলায় বুলিও কোনো মতে প্ৰাণ লৈ পলাই আহি লক্ষীগঞ্জ আৰক্ষী চকীত উপস্থিত হৈ মাফ্ৰুজাই অভিযোগ দিয়ে ৷ ঘটনা সন্দৰ্ভত স্বামী আখিৰুল ইছলাম, শহুৰ নুৰ ইছলাম, ভাই শহুৰ আক্তাৰুল ইছলামৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে বোৱাৰী গৰাকীয়ে ৷ এতিয়া প্ৰশ্ন হয় সমাজৰ ব্যাধি স্বৰূপ যৌতুক দাবী কৰি নিজ পত্নীক হত্যা কৰিবলৈ উদ্যত হোৱা BSF জোৱান জনৰ বিৰুদ্ধে আইনে কিদৰে ব্যৱস্থা গ্ৰহণ কৰিব ? পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হ’ব ৷
Bite মাফ্ৰুজা বেগম (ভুক্তভোগী বোৱাৰী)
পশ্চিম বিলালীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম