ETV Bharat / city

ধুবুৰীত কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৮২৩ জনলৈ বৃদ্ধি

author img

By

Published : May 6, 2021, 8:53 PM IST

ধুবুৰী জিলাত কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৮২৩ জনলৈ বৃদ্ধি । সুস্থ হৈছে ১৩৭ জন আৰু মৃত্যু হৈছে ৭ জনকৈ ৰোগীৰ ৷ জিলাখনত দিনকদিনে দুগুণ হাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ ফলত আতংকই বিৰাজ কৰিছে ৷

ধুবুৰীত কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৮২৩ জনলৈ বৃদ্ধি
ধুবুৰীত কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৮২৩ জনলৈ বৃদ্ধি

ধুবুৰী,6 মে': ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে মহামাৰী কৰ’ণাৰ দ্বিতীয় ঢৌৱে । অসমৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰী জিলাতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা । বৃহস্পতিবাৰে জিলাখনত নতুনকৈ আক্ৰান্ত হৈছে ৯৮ গৰাকীকৈ লোক । জিলাখনত এতিয়ালৈকে মুঠ ৮২৩ জনকৈ লোক ক’ভিড-১৯ ত আক্ৰান্ত হৈছে । যদিও ইয়াৰে ১৩৭ গৰকীকৈ ৰোগী সুস্থ হৈ উঠাৰ বিপৰীতে ৭ জনকৈ ৰোগীৰ মৃত্যু হৈছে জিলাখনত । আনহাতে বৰ্তমানলৈকে জিলাখনত মুঠ ৬৭৯ জন কৰ’ণাত আক্ৰান্ত ৰোগী সম্প্ৰতি জিলা স্বাস্থ্য বিভাগৰ তত্ত্বাৱধানত আছে ।

লক্ষণীয় যে, জিলাখনত দিনকদিনে দুগুণ হাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই অহাৰ ফলত ৰাইজৰ মাজত আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে । যদিও ইয়াৰে একাংশ অসচেতন ৰাইজে ক’ভিডৰ নীতি-নিয়ম অমান্য কৰি ঘূৰি ফুৰা বিষয়টোৱে এক ভয়াৱহতাৰ ইংগিত প্ৰদান কৰিছে ৷

লগতে পঢ়ক : দিল্লীত কৰ'ণাত আক্ৰান্ত হৈ প্ৰতিভাৱান অসমীয়া যুৱকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.