পূৱ বিলাসীপাৰা, ৯ জুলাইঃ ধুবুৰী জিলাৰ পূৱ বিলাসীপাৰাৰ চাপৰত পুনৰ তিনি চৰকাৰী কৰ্মচাৰীৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰিছে ৷ কৰ'ণাত আক্ৰান্ত লোক কেইজনৰ দুজন অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী আৰু আন এজন পৌৰসভাৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে ৷
![3 new COVID-19 Positive Case At Dhubri District](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-blp-east-09july-801804-corona-photovisualbyte-udayaditya-roy_09072020143806_0907f_1594285686_739.jpg)
সমগ্ৰ ৰাজ্যখনতেই বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ ধুবুৰী জিলাৰ চাপৰতো অগ্নি নিৰ্বাপক বাহিনীৰ দুজন আৰু চাপৰ পৌৰসভাৰ এগৰাকী কৰ্মচাৰীৰ দেহতো ইতিমধ্যে কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ অগ্নি নিৰ্বাপক বাহিনীত কৰ্মৰত লোক দুজনৰ নাম জুলহাস আলী আৰু দিগন্ত কাকতি, পৌৰসভাৰ কৰ্মচাৰীজনৰ নাম ৰুবুল অধিকাৰী ৷ ইয়াৰে ৰুবুল অধিকাৰী ৰঙামাটি কোৱাৰেণ্টাইন কেন্দ্ৰত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে । অন্যহাতে অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী দুজন জিলা খনৰ বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰত চেনিটাইজেছনৰ কামত জড়িত আছিল । ইতিমধ্যে আক্ৰান্ত লোক কেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে স্বাস্থ্য বিভাগে ৷
লগতে পঢ়ক- 9 জুলাইলৈ বিশ্বৰ ভিন্ন দেশত COVID-19ৰ সাম্প্ৰতিক স্থিতি