ETV Bharat / business

আগন্তুক সময়ত Maruti Suzukiত পৰিৱৰ্তন হ’ব: আৰ চি ভাৰ্গৱ

ব্যৱসায়ত পৰিৱৰ্তনৰ সংকেত দিছে চুজুকি মটৰ কৰ্প’ৰেশ্যনে কোম্পানীটোৰ মুৰব্বী আৰ চি ভাৰ্গৱে(RC Bhargava) । সবিশেষ পঢ়ক-

MARUTI VERY IMPORTANT PART OF SUZUKI JAPAN ORGANISATIONAL CHANGES IN OFFING SAYS RC BHARGAVA
আগন্তুক সময়ত Maruti Suzukiত সাংগঠনিক পৰিৱৰ্তনৰ সম্ভাৱনা
author img

By

Published : Sep 1, 2022, 9:32 PM IST

নেশ্যনেল ডেস্ক, 1 ছেপ্টেম্বৰ: মাৰুতি চুজুকি ইণ্ডিয়াৰ মুৰব্বী আৰ চি ভাৰ্গৱে(RC Bhargava) বুধবাৰে মাৰুতি কোম্পানী-চুজুকি মটৰ কৰ্প’ৰেশ্যনত (Maruti Company Suzuki Motor Corporation) বিশ্বব্যাপী ব্যৱসায়ত সাংগঠনিক পৰিৱৰ্তনৰ ইংগিত দিয়ে । ক’ভিড-১৯ মহামাৰীৰ ফলত হোৱা ব্যাঘাতৰ বাবে দুবছৰৰ পাছত কোম্পানীটোৰ বাৰ্ষিক সাধাৰণ সভাত ভাষণ দি মুৰব্বীগৰাকীয়ে কয় যে, ভৱিষ্যতে চুজুকিৰ বিশ্বব্যাপী উৎপাদনত মাৰুতি চুজুকি ইণ্ডিয়াৰ অৱদান আগন্তুক বছৰত ৬০ শতাংশ অতিক্ৰম কৰিব(Maruti very important part of Suzuki Japan organization) । মাৰুতি চুজুকি জাপানৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ ৷

তেওঁ লগতে কয় যে, কোম্পানীটোৱে বায়’ মিথেন গেছ ইন্ধন খণ্ডত প্ৰৱেশৰ বাবে নিজৰ কৌশল প্ৰণয়ন কৰিব । কোম্পানীটোৰ চাৰিটা দশক সম্পূৰ্ণ হোৱা উপলক্ষে দেওবাৰে (২৮ আগষ্ট) গান্ধীনগৰত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই পৰামৰ্শ আগবঢ়াইছে । মাৰুতি ইতিমধ্য়ে চুজুকি জাপানৰ এক অতি গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে বুলি ভাৰ্গৱে কয় ।

তেওঁ চুজুকি মটৰ কৰ্পৰেশ্যনৰ অধ্যক্ষ টোছিহিৰো চুজুকিৰ(Toshihiro Suzuki) উদ্ধৃতি দি কয় যে, যোৱা বিত্তীয় বৰ্ষ ২০২১ ২২ত চুজুকি গোটে বিশ্বজুৰি প্ৰায় ২৮ লাখ বাহন উৎপাদন কৰিছিল, ইয়াৰে ১৬ লাখ ইউনিট বা প্ৰায় ৬০ শতাংশ ভাৰতত উৎপাদন কৰা হৈছিল । ইয়াৰ লগতে তেওঁ লগতে ঘোষণা কৰে যে চুজুকিয়ে ভাৰতত এটা সম্পূৰ্ণ মালিকানাধীন R&D কোম্পানী স্থাপন কৰিব ।

দেওবাৰে কোম্পানীটোৱে গুজৰাটত দুটাকৈ বায়’গেছ প্লাণ্ট স্থাপনৰ বাবে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ডৰ সৈতে বুজাবুজিৰ চুক্তিতো স্বাক্ষৰ কৰে ।

লগতে পঢ়ক : ২০৪৭ চনৰ ভিতৰত ভাৰতীয় অৰ্থনীতিৰ আকাৰ হ'ব সৰ্ববৃহৎ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.