ETV Bharat / business

২০২৩ বৰ্ষত গুগলে বন্ধ কৰিব IoT Core সেৱাৰ

author img

By

Published : Aug 18, 2022, 3:32 PM IST

Updated : Aug 18, 2022, 4:31 PM IST

গুগল ক্লাউডৰ মূল ইণ্টাৰনেট অৱ থিংছ (IoT) সেৱাসমূহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু গ্ৰাহকসকলক ইয়াৰ বিকল্প সেৱাসমূহ (Google Cloud) ব্যৱহাৰ কৰিবলৈ 2023 বৰ্ষৰ আগষ্ট মাহলৈকে সময়সীমা নিৰ্ধাৰিত কৰি দিয়া হৈছে(Google Cloud to disband IoT Core Service from Aug 2023) ।

google-cloud-to-disband-iot-core-service-from-aug-2023
২০২৩ বৰ্ষত গুগল ক্লাউডে ভংগ কৰিব IoT Core সেৱা

নেশ্যনেল ডেস্ক, 18 আগষ্ট : ইণ্টাৰনেট অৱ থিংছ IoT Core হৈছে গুগল ক্লাউডৰ দ্বাৰা পৰিচালিত এটি সেৱা যিয়ে আপোনাক সমগ্ৰ বিশ্বতে বিয়পি থকা লাখ লাখ ডিভাইচৰ পৰা সহজে আৰু সুৰক্ষিতভাৱে সংযোগ, পৰিচালনা আৰু ডাটা সংগ্ৰহ কৰাত সহায় কৰে(Internet of Things services) । লগতে আপোনাৰ জৰুৰী ডাটাসমূহ ই সঞ্চয় কৰি ৰখাত সহায় কৰে ৷

বৰ্তমান গুগল ক্লাউডে ইয়াৰ মূল ইণ্টাৰনেট অৱ থিংছ (IoT) সেৱাসমূহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু গ্ৰাহকসকলক বিকল্প সেৱাসমূহ (Google Cloud) ব্যৱহাৰ কৰিবলৈ 2023 বৰ্ষৰ আগষ্ট মাহলৈকে সময়সীমা নিৰ্ধাৰিত কৰি দিয়া হৈছে(Google Cloud to disband IoT Core Service from Aug 2023) । গুগল ক্লাউড ব্যৱহাৰকাৰীৰ বাবে এয়া অতি চিন্তনীয় বিষয় হৈ পৰিছে ৷

গুগল ক্লাউডৰ প্ৰতিদ্বন্দ্বী আমাজন ৱেব চাৰ্ভিচেছ (Amazon Web Services) আৰু মাইক্ৰ'ছফ্টেও একেধৰণৰ IoT সেৱা আগবঢ়ায় । AWSৰ IoT Core থকাৰ বিপৰীতে মাইক্ৰ'ছফ্টে ইয়াৰ Azure ক্লাউড প্লেটফৰ্মৰ অংশ হিচাপে IoT Hub আগবঢ়াইছে (Microsoft offers similar IoT services) ।

গুগল ক্লাউডৰ IoT Core প্ৰডাক্ট দলৰ পৰা এটা আপডেটত কোৱা হৈছে যে, "গুগল ক্লাউডৰ IoT core সেৱা ১৬ আগষ্ট, ২০২৩ ত বন্ধ কৰা হ'ব । 2023 বৰ্ষৰ আগষ্টৰ পিছত IoT core ডিভাইচ মেনেজাৰ APIs সমূহলৈ আপোনাৰ প্ৰৱেশ আৰু উপলব্ধ নহ'ব ।"

কোম্পানীয়ে লগতে IoT Core ৰ পৰা বিকল্প সেৱালৈ প্ৰব্ৰজন কৰিবলৈ আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায় । প্ৰাৰম্ভিক পদক্ষেপ হিচাপে, যদি আপোনাৰ এই প্ৰব্ৰজন পৰিকল্পনাৰ বিষয়ে প্ৰশ্ন আছে, তেন্তে আপোনাৰ Google Cloud একাউণ্ট মেনেজাৰৰ সৈতে সংযোগ কৰিবলৈপৰামৰ্শ দিয়া হৈছে ।

উল্লেখ্য যে, সংযুক্ত ডিভাইচৰ পৰা কোম্পানীটোৰ ক্লাউড ভিত্তিক পৰিৱেশলৈ তথ্য প্ৰেৰণৰ কাম সৰল কৰাৰ বাবে ২০১৭ চনত আৰম্ভ কৰা হৈছিল IoT Core সেৱা ।

লগতে পঢ়ক : নিৰ্ধাৰিত সময়সীমাৰ পূৰ্বে 5G spectrumৰ ধন পৰিশোধ কৰিলে এয়াৰটেলে

Last Updated : Aug 18, 2022, 4:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.