ETV Bharat / business

এপ্ৰিল মাহৰ GST সংগ্ৰহত ভয়াবহ ক্ষতিৰ সন্মুখীন বহু ৰাজ্য

এপ্ৰিল মাহৰ GST সংগ্ৰহত ভয়াবহ ক্ষতিৰ সন্মুখীন দেশৰ বহু ৰাজ্য ৷ 80-90 শতাংশ পৰ্যন্ত ক্ষতিৰ সন্মুখীন হৈছে ৰাজ্যসমূহ ৷

80-90 শতাংশ পৰ্যন্ত ক্ষতিৰ সন্মুখীন
এপ্ৰিল মাহৰ GST সংগ্ৰহত ভয়াবহ ক্ষতিৰ সন্মুখীন বহু ৰাজ্য
author img

By

Published : May 4, 2020, 10:55 PM IST

নেশ্যনেল ডেস্ক, 4 মে' : COVID-19 মহামাৰী আৰু ৰাষ্ট্ৰজোৰা লকডাউনে ৰাজ্য়সমূহৰ ৰাজহ সংগ্ৰহত বাধাৰ সৃষ্টি কৰিছে ৷ ইয়াৰ ফলত ৰাজহ সংগ্ৰহৰ বাবে প্ৰথম পৰ্যায়ত ঘোষণা কৰা শিথিলতাৰ সময়ত ৰাজ্যসমূহে সুৰাৰ দোকান আৰু পান, গুটকাৰ দোকানসমূহ খুলিবলৈ বাধ্য হৈছিল ৷

সূত্ৰৰ মতে, ৰাজহ সংগ্ৰহৰ অন্যতম উৎস GST সংগ্ৰহ কৰিবলৈ এপ্ৰিল মাহত অসমৰ্থ হৈ পৰা বাবে দেশৰ বহু কেইখন ৰাজ্য চৰকাৰৰ GST সংগ্ৰহত 80-90 শতাংশ ক্ষতি হোৱা পৰিলক্ষিত হৈছে ৷

এই ক্ষেত্ৰত আটাইতকৈ বেছি প্ৰভাৱিত ৰাজ্য হৈছে দিল্লী, পশ্চিম বংগ, অসম, অন্ধ্ৰ প্ৰদেশ ৷ এই ৰাজ্যসমূহে এপ্ৰিল মাহৰ GST সংগ্ৰহত 90 শতাংশ পৰ্যন্ত ক্ষতিৰ সন্মুখীন হৈছে ৷ আনহাতে, দিল্লীয়ে এপ্ৰিল মাহত কেৱল 300 টকাহে GST সংগ্ৰহ কৰিবলৈ সক্ষম হ'ল ৷ উল্লেখ্য় যে, সাধাৰণ মাহত দিল্লীয়ে প্ৰায় 3000 কোটি পৰ্যন্ত GST সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ আনহাতে, অসমে এপ্ৰিল মাহত সংগ্ৰহ কৰিছে 200 কোটি টকা ৷ কিন্তু, সাধাৰণ মাহত অসমে প্ৰায় 1000 কোটি টকাৰ GST সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

কৰ সংগ্ৰহত পশ্চিম বংগইও বহু ক্ষতিৰ সন্মুখীন হৈছে ৷ আনহাতে, পৰ্যটন আৰু হোটেল খণ্ডৰ জৰিয়তে GST সংগ্ৰহ কৰা পাহাৰীয়া ৰাজ্যসমূহে লকডাউনৰ সময়ছোৱাত বহু ক্ষতিৰ সন্মুখীন হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.