নেশ্যনেল ডেস্ক, 10 মাৰ্চ : মূৰ্গী উদ্যোগ বিশেষজ্ঞই জানিবলৈ দিয়া অনুসৰি, দেশত মূৰ্গীৰ বিক্ৰী 35 শতাংশলৈ হ্ৰাস পাইছে ৷ মূৰ্গী ভক্ষণৰ ফলত কৰ'ণাভাইৰাছ নিবিয়পে বুলি চৰকাৰী পক্ষই সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে যদিও মূৰ্গীৰ বিক্ৰী দিনক দিনে হ্ৰাস পাই আহিছে ৷
উত্তৰ প্ৰদেশৰ লক্ষ্নৌ আৰু মুজফ্ফৰনগৰৰ জিলা দণ্ডাধীশে যোৱা সপ্তাহত মুকলি স্থানত মাংসৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ ইয়াৰ ফলত বহু ৰেষ্টুৰেন্টৰ স্বত্বাধিকাৰীয়ে গ্ৰাহকক মাংসভোজী আহাৰ নিবিচাৰিবলৈ জাননী জাৰি কৰিছিল ৷
মাংস বিক্ৰী কৰা বহু উদ্যোগে জানিবলৈ দিয়া অনুসৰি, মূৰ্গীৰ বিক্ৰী 30 ৰ পৰা 35 শতাংশ হ্ৰাস পাইছে ৷ আনহাতে, ব্ৰয়লাৰৰ মূল্য 50 শতাংশলৈ হ্ৰাস পাইছে ৷
পাঞ্জাৱস্থিত দৰ্শন ফুডছ প্ৰাইভেট লিমিটেডৰ সঞ্চালক ৰাজীৱ জয়সিংঘানীয়ে জানিবলৈ দিয়া অনুসৰি, "কিছু চৰকাৰী বিভাগে এনে দায়িত্বহীন বিবৃতি প্ৰকাশ কৰাৰ ফলতে বহুসংখ্যক লোকে নিজৰ দৈনন্দিন খাদ্যাভ্যাসৰ পৰা মূৰ্গী ত্যাগ কৰিছে ৷"
Karnataka Cooperative Poultry Federation ৰ সভাপতি ডি. কে. কান্তাৰাজুয়ে মন্তব্য কৰে যে, ফেব্ৰুৱাৰী মাহৰ প্ৰথম ভাগতে চ'ছিয়েল মিডিয়াৰ জৰিয়তে এই উৰাবাতৰি বিয়পি পৰাত প্ৰতিদিনে 65 কোটি টকালৈকে লোকচানৰ সন্মুখীন হ'বলগা হৈছে ৷
তেওঁ লগতে কয়, "ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰা মূৰ্গীৰ মূল্য প্ৰতি কিলোগ্ৰামত 45 টকাৰ পৰা 75 টকালৈ হ্ৰাস পাইছে ৷"
Poultry Farmers and Breeders Association in Maharashtra ৰ সভাপতি বসন্ত কুমাৰ ছেট্টীয়ে মন্তব্য কৰে যে, এনেদৰে মূৰ্গীৰ মূল্য হ্ৰাস পোৱাৰ ফলত ৰাজ্যখনত মূৰ্গী উদ্যোগে প্ৰতিদিনে 150 কোটি টকালৈকে লোকচানৰ সন্মুখীন হ'বলগা হৈছে ৷ অহা ছয় সপ্তাহলৈ এই অৱস্থাৰ উন্নতি হোৱাৰ কোনো আশা নাই বুলি মন্তব্য কৰে ছেট্টীয়ে ৷
দিল্লীৰ সৰ্ববৃহৎ মূৰ্গী বজাৰ গাজীপুৰত যোৱা চাৰি সপ্তাহত 45 শতাংশলৈকে মূৰ্গীৰ মূল্য হ্ৰাস পাইছে ৷ এগৰাকী পাইকাৰী বিক্ৰেতা মহছিনে কয়, "প্ৰতিদিনে মূৰ্গীৰ মূল্যৰ উঠা-নমা হৈ আছে যদিও কেৰালাত কৰ'ণাভাইৰাছৰ প্ৰথমটো ঘটনা পোহৰলৈ অহাৰ পাচৰে পৰা আমি প্ৰতি কেজি মূৰ্গী 55 টকাত বিক্ৰী কৰি আছো ৷ আনহাতে, জানুৱাৰীত প্ৰতি কেজিত 90 টকা আছিল ব্ৰয়লাৰৰ দাম ৷"
Animal Husbandry আয়ুক্ত প্ৰবীন মালিকে Poultry Federation of India লৈ এখন পত্ৰ প্ৰেৰণ কৰি কয় যে, মূৰ্গীৰ জৰিয়তে মানুহৰ দেহত কৰ'ণাভাইৰাছ নিবিয়পে ৷
আৰু পঢ়ক : বিজেপিত যোগদান জ্যোতিৰাদিত্যৰ ! মধ্যপ্ৰদেশ চৰকাৰত সংকট