ETV Bharat / business

বৈদ্যুতিক গাড়ী নিৰ্মাণ কৰিব জেগুৱাৰ লেণ্ড ৰ'ভাৰ আৰু ব্ৰিটিছ মটৰ ৱৰ্কছে - Jaguar I-PACE

বৈদ্যুতিক প্ৰযুক্তিৰ ওপৰত এতিয়াৰে পৰা একেলগে কাম কৰিব প্ৰখ্যাত গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান জেগুৱাৰ লেণ্ড ৰ'ভাৰ আৰু ব্ৰিটিছ মটৰ ৱৰ্কছ, চমুকৈ বি এম ডব্লিউৱে ৷ গাড়ী নিৰ্মাণৰ ক্ষেত্ৰত নেক্সট জেন বৈদ্যুতিক প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ দুয়োটা সংস্থায়ে সুংযুক্তভাৱে কাম কৰা কথা ইতিমধ্যে ঘোষণা কৰিছে ৷

বৈদ্যুতিক গাড়ী নিৰ্মাণ কৰিব জেগুৱাৰ লেণ্ড ৰ'ভাৰ আৰু ব্ৰিটিছ মটৰ ৱৰ্কছে
author img

By

Published : Jun 5, 2019, 7:20 PM IST

নিউজ ডেস্ক, 5 জুনঃ বিশ্ব পৰিৱেশ দিৱসৰ দিনাই পৰিৱেশ অনুকূল গাড়ী নিৰ্মানৰ ক্ষেত্ৰত আগবাঢ়ি অহাৰ কথা ঘোষণা কৰিছে বিশ্বৰ দুটাকৈ প্ৰখ্যাত গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানে ৷ নেক্সট জেন বৈদ্যুতিক প্ৰযুক্তি ব্যৱহাৰ কৰি একেলগে গাড়ী নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে বি এম ডব্লিউ আৰু জেগুৱাৰ লেণ্ড ৰ'ভাৰে ৷

বুধবাৰে টাটা মটৰছে এক বিজ্ঞপ্তিযোগে এই কথা ঘোষণা কৰিছে ৷ সেই অনুসৰি, গাড়ী নিৰ্মাণকাৰী সংস্থাৰ ভৱিষ্যত সলনি কৰিবলৈ অট'নমাছ, কানেকটেদ, ইলেকট্ৰিক, শ্বেয়াৰদ (autonomous, connected, electric, shared) বৈশিষ্ট্যৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব দুয়োটা সংস্থাই ৷

আৰু পঢ়কঃ শীঘ্ৰে মাইক্ৰছফটৰ নতুন ফিচাৰ মুকলি

উল্লেখ্য যে, জেগুৱাৰ লেণ্ড ৰ'ভাৰে ইতিমধ্যেই বৈদ্যুতিক বেটাৰীযুক্ত তথা প্লাগ-ইন-হাইব্ৰিদ বিশ্বৰ প্ৰথমখন প্ৰিমিয়াম এছইউভি বজাৰলৈ লৈ অনাৰ ক্ষেত্ৰত প্ৰচেষ্টা হাতত লৈছে ৷ সেই প্ৰচেষ্টাৰ ফলতে নিৰ্মাণকাৰী সংস্থাটোৱে সাজি উলিয়াইছে জেগুৱাৰ আই-পেচ যিখন বাহনে চলিত বৰ্ষৰ কাৰ অৱ দি ইয়েৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে বিএমডব্লিউৱে 2013 চনৰ পৰাই এইক্ষেত্ৰত কাম কৰি আহিছে আৰু বহুকেইখন বাহন উপহাৰ দিবলৈ সক্ষম হৈছে ৷

দুয়োটা সংস্থাই এইক্ষেত্ৰত নিজাবৱীয়াকৈ নিৰ্মানকাৰ্যত জড়িত হ'ব যদিও প্ৰয়োজনীয় সকলো তথ্য-প্ৰযুক্তিৰ বাবে একেলগেই গৱেষণাত ব্ৰতী হ'ব দুয়োটা প্ৰতিষ্ঠানৰ অভিযন্তাসকল ৷ জেগুৱাৰে উলভাৰহাম্পটনস্থিত নিৰ্মাণগোটত ইঞ্জিন নিৰ্মাণৰ কাম কৰাৰ লগতে, বাৰ্মিংহামৰ নিকটৱৰ্তী হামছ হলত বেটাৰী নিৰ্মাণৰ কাম কৰিব ৷ দুয়োটা খণ্ডতে প্ৰায় 1600 কৰ্মীয়ে একেলগে কাম কৰিব বুলি জনাইছে জেগুৱাৰ লেণ্ড ৰ'ভাৰৰ ইঞ্জিনীয়াৰিং ডাইৰেক্টৰ নিক ৰগাৰছে ৷

Jaguar_Land_Rover_BMW_1.jpg
Jaguar Land Rover, BMW announce collaboration for next-gen electrification technology 

বৈদ্যুতিক প্ৰযুক্তিৰ ওপৰত এতিয়াৰে পৰা একেলগে কাম কৰিব প্ৰখ্যাত গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান জেগুৱাৰ লেণ্ড ৰ'ভাৰ আৰু ব্ৰিটিছ মটৰ ৱৰ্কছ, চমুকৈ বি এম ডব্লিউৱে ৷ গাড়ী নিৰ্মাণৰ ক্ষেত্ৰত নেক্সট জেন বৈদ্যুতিক প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ দুয়োটা সংস্থায়ে সুযুক্তভাৱে কাম কৰা কথা ইতিমধ্যে ঘোষণা কৰিছে ৷

নিউজ ডেস্ক, 5 জুনঃ বিশ্ব পৰিৱেশ দিৱসৰ দিনাই পৰিৱেশ অনুকূল গাড়ী নিৰ্মানৰ ক্ষেত্ৰত আগবাঢ়ি অহাৰ কথা ঘোষণা কৰিছে বিশ্বৰ দুটাকৈ প্ৰখ্যাত গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানে ৷ নেক্সট জেন বৈদ্যুতিক প্ৰযুক্তি ব্যৱহাৰ কৰি একেলগে গাড়ী নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে বি এম ডব্লিউ আৰু জেগুৱাৰ লেণ্ড ৰ'ভাৰে ৷

বুধবাৰে টাটা মটৰছে এক বিজ্ঞপ্তিযোগে এই কথা ঘোষণা কৰিছে ৷ সেই অনুসৰি, গাড়ী নিৰ্মাণকাৰী সংস্থাৰ ভৱিষ্যত সলনি কৰিবলৈ অট'নমাছ, কানেকটেদ, ইলেকট্ৰিক, শ্বেয়াৰদ (autonomous, connected, electric, shared) বৈশিষ্ট্যৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব দুয়োটা সংস্থাই ৷

উল্লেখ্য যে, জেগুৱাৰ লেণ্ড ৰ'ভাৰে ইতিমধ্যেই বৈদ্যুতিক বেটাৰীযুক্ত তথা প্লাগ-ইন-হাইব্ৰিদ বিশ্বৰ প্ৰথমখন প্ৰিমিয়াম এছইউভি বজাৰলৈ লৈ অনাৰ ক্ষেত্ৰত প্ৰচেষ্টা হাতত লৈছে ৷ সেই প্ৰচেষ্টাৰ ফলতে নিৰ্মাণকাৰী সংস্থাটোৱে সাজি উলিয়াইছে জেগুৱাৰ আই-পেচ যিখন বাহনে চলিত বৰ্ষৰ কাৰ অৱ দি ইয়েৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে বিএমডব্লিউৱে 2013 চনৰ পৰাই এইক্ষেত্ৰত কাম কৰি আহিছে আৰু বহুকেইখন বাহন উপহাৰ দিবলৈ সক্ষম হৈছে ৷

দুয়োটা সংস্থাই এইক্ষেত্ৰত নিজাবৱীয়াকৈ নিৰ্মানকাৰ্যত জড়িত হ'ব যদিও প্ৰয়োজনীয় সকলো তথ্য-প্ৰযুক্তিৰ বাবে একেলগেই গৱেষণাত ব্ৰতী হ'ব দুয়োটা প্ৰতিষ্ঠানৰ অভিযন্তাসকল ৷ জেগুৱাৰে উলভাৰহাম্পটনস্থিত নিৰ্মাণগোটত ইঞ্জিন নিৰ্মাণৰ কাম কৰাৰ লগতে, বাৰ্মিংহামৰ নিকটৱৰ্তী হামছ হলত বেটাৰী নিৰ্মাণৰ কাম কৰিব ৷ দুয়োটা খণ্ডতে প্ৰায় 1600 কৰ্মীয়ে একেলগে কাম কৰিব বুলি জনাইছে জেগুৱাৰ লেণ্ড ৰ'ভাৰৰ ইঞ্জিনীয়াৰিং ডাইৰেক্টৰ নিক ৰগাৰছে ৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.