ETV Bharat / business

ঋণ প্ৰদানকাৰী কোন: MSME ঋণ প্ৰসংগত চিদাম্বৰাম

author img

By

Published : May 15, 2020, 5:02 PM IST

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু পথ পৰিবহন মন্ত্ৰী নিতিন গাডকাৰীয়ে MSME খণ্ডৰ ওপৰত দিয়া দুটা বিপৰীত ভাষ্যৰ পাচত এই সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কংগ্ৰেছ নেতা চিদাম্বৰামৰ ।

ঋণ প্ৰদানকাৰী কোন: MSME ঋণ প্ৰসংগত চিদাম্বৰাম
ঋণ প্ৰদানকাৰী কোন: MSME ঋণ প্ৰসংগত চিদাম্বৰামঋণ প্ৰদানকাৰী কোন: MSME ঋণ প্ৰসংগত চিদাম্বৰাম

নিউজ ডেস্ক, 15 মে': বিজেপিৰ দুগৰাকী মন্ত্ৰী, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু পথ পৰিবহন মন্ত্ৰী নিতিন গাডকাৰীয়ে MSME খণ্ডৰ ওপৰত দিয়া দুটা বিপৰীত ভাষ্যৰ পাচত এই সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ দলে ।

কংগ্ৰেছৰ জেষ্ঠ্য নেতা তথা প্ৰাক্তন কেবিনেট মন্ত্ৰী পি চিদাম্বৰামে কয় যে, "মন্ত্ৰী নিতিন গাডকাৰীয়ে কয় চৰকাৰ আৰু PSU ক আদায় নকৰা ফলত MSMEৰ 5 লাখ কোটি টকাৰবকেয়া আছে । আনহাতে মন্ত্ৰী সিতাৰামণে কয় তেওঁ MSME( প্ৰায় 45 লাখ) ক জমানত মুক্ত 3 লাখ কোটি টকাৰ ঋণ প্ৰদান কৰিব ।" চিদাম্বৰমে প্ৰশ্ন কৰে যে, "ঋণ দিব কোনে আৰু ঋণ লব কোনে ?"

"তেওঁলোক দুয়োগৰাকী মন্ত্ৰীয়ে প্ৰথমে নিজৰ হিচাব-নিকাচ মিলাই লৈ পাচত চৰকাৰৰ সহায় নোলোৱাকৈ MSMEক ৰক্ষা কৰিব নোৱাৰেনে ?"- দুয়োগৰকী মন্ত্ৰীকে কটাক্ষ কৰি চিদাম্বৰামে এইদৰে কয় ।

উল্লেখ্য যে, বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে, MSMEসমূহৰ বাবে ৩ লাখ কোটিৰ আমানত মুক্ত স্বয়ংক্ৰিয় ঋণৰ ব্যৱস্থা কৰা হ'ব । ই দেশৰ ৪৫ লাখ ক্ষুদ্ৰ ব্যৱসায়ক সহায় কৰিব । ৪ বছৰৰ ভিতৰত এই ঋণৰ সময়সীমা থাকিব আৰু ১২ মাহৰ স্থগিত সময় থাকিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.