বিজনেছ ডেস্ক,১ এপ্ৰিল: মাৰ্চ মাহত মাৰুতি আৰু টয়টাৰ বিক্ৰী দুগুণ হাৰত বৃদ্ধি পাইছে । মাৰুতিৰ এক বিবৃতি অনুসৰি, কোম্পানীটোৱে মাৰ্চ মাহত মুঠ ১,৬৭,০১৪ খন বাহন বিক্ৰী কৰাৰ কথা জনাইছে । পূৰ্বৰ এবছৰৰ তুলনাত ৮৩,৭৯২ খন বাহন বিক্ৰী হৈছিল । সমান্তৰালকৈ বৃহস্পতিবাৰে টয়টা কিৰলোস্কাৰ মটৰ (টিকেএম)য়েও জনায় যে ই মাৰ্চ মাহত মুঠ ১৫,০০১ খন বাহন বিক্ৰী কৰে । ২০১৩ চনৰ পৰা মাৰ্চ মাহত সৰ্বাধিক ঘৰুৱা বিক্ৰী বাহনৰ সংখ্যা পঞ্জীয়ন কৰা হৈছে । ইফালে, অতিমাৰীৰ বাবে দেশজুৰি লক ডাউনৰ মাজতে মাৰুতি আৰু টয়টাই ২০২০ চনৰ মাৰ্চত ৭,০২৩ খন বাহন বিক্ৰী কৰে ।
যোৱা মাহত অল্ট’ আৰু এছ-প্ৰেছ'ৰ সৈতে মিনি বাহনৰ বিক্ৰীৰ সংখ্যা আছিল ২৪,৬৫৩ খন । কোম্পানীটোৱে ২০২০ চনৰ মাৰ্চ মাহত ১৫,৯৮৮ খন বাহন বিক্ৰী কৰিছিল । সমান্তৰালভাৱে, মডেল চুইফ্ট, চেলেৰিঅ', ইগনিছ, বলেনো আৰু ডিজায়াৰকে ধৰি কম্পাক্ট চেগমেণ্ট বাহনৰ বিক্ৰী যোৱা মাহত ৮২,২০১ খন আছিল । বিগত বৰ্ষৰ মাৰ্চ মাহত কোম্পানীটোৱে ৪০,৫১৯ খন গাড়ী প্ৰেৰণ কৰাৰ কথা জানিবলৈ দিয়ে ।
ইফালে, মধ্য আকাৰৰ চেডন চিয়াজৰ যোৱা মাহত ১,৬২৮ খন বিক্ৰী কৰা হয় । ভিটাৰা ব্ৰেজা, এছ-ক্ৰছ আৰু এৰ্টিগাকে ধৰি ইউটিলিটি বাহনৰ যোৱা মাহত বিক্ৰী ২৬,১৭৪ খন আছিল । বিগত বৰ্ষৰ মাৰ্চ মাহত কোম্পানীটোৱে ১১,৯০৪খন বাহন বিক্ৰী কৰিছিল বুলি মাৰুতিৰ তৰফৰ পৰা সদৰী কৰে । আনহাতে, টয়টাৰ তৰফৰ পৰা জনোৱা মতে, ব্যক্তিগত গতিশীলতাৰ বৰ্ধিত চাহিদা, যোৱা নৱেম্বৰ মাহত ইনভা ক্ৰিয়েষ্টা আৰু যোৱা জানুৱাৰী মাহত ফৰ্চুনাৰ ফেচলিফ্ট আৰম্ভ কৰাৰ বাবে কোম্পানীটোক যোৱা আঠ বছৰত ই সৰ্বাধিক বিক্ৰী হয় ।