ETV Bharat / business

লক ডাউনৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হাৰিয়ানাৰ বস্ত্ৰ উদ্যোগ - ১০ লাখ কৰ্মচাৰী নিয়োজিত হৈ আছে হাৰিয়াণাৰ বস্ত্ৰ উদ্যোগত

কৰ'ণা ভাইৰাছ মহামাৰীৰ ফলত দিয়া লক ডাউনৰ বাবেই বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হাৰিয়ানাৰ বস্ত্ৰ উদ্যোগ । লক ডাউনৰ সময়ত ২০০০ কোটি টকাৰ অৰ্ডাৰ বাতিল কৰাৰ লগতে নিষ্ক্ৰিয় আমদানি আৰু ৰপ্তানিৰ বাবে প্ৰায় ২৫০০ কোটি টকাৰ অৰ্ডাৰ বৰ্তমান পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে গুদামত ।

Lockdown hits textile industry in Haryana
লক ডাউনৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হাৰিয়ানাৰ বস্ত্ৰ উদ্যোগ
author img

By

Published : Apr 24, 2020, 10:34 AM IST

নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ ফলত দেশত দিয়া লক ডাউনে কু-প্ৰভাৱ পেলাইছে দেশৰ ব্যৱসায়-বাণিজ্য ক্ষেত্ৰখনত । বৃহৎ লোকচানৰ সন্মুখীন হৈছে হাৰিয়ানাৰ বস্ত্ৰ উদ্যোগ । হাৰিয়ানাৰ পৰা প্ৰায় ১.৩ বিলিয়ন মাৰ্কিন ডলাৰৰ পোছাক ৰপ্তানি কৰা হয় । এছিয়াৰ বৃহৎ বস্ত্ৰ উদ্যোগৰ ভিতৰত অন্যতম হৈছে হাৰিয়ানাৰ পানীপট,গুৰুগ্ৰাম,ফৰিদাবাদ,হিচাৰ আৰু শনিপটৰ বস্ত্ৰ উদ্যোগ । প্ৰায় ১০ লাখ কৰ্মচাৰী নিয়োজিত হৈ আছে হাৰিয়ানাৰ এই বস্ত্ৰ উদ্যোগসমূহত ।

হাৰিয়াণাৰ বস্ত্ৰ উদ্যোগ
লক ডাউনৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হাৰিয়ানাৰ বস্ত্ৰ উদ্যোগ

২০১৯ চনত হাৰিয়ানা বস্ত্ৰ উদ্যোগৰ পৰা প্ৰায় ৬০৭.৫২ মিলিয়ন মাৰ্কিন ডলাৰ পোছাক ৰপ্তানি কৰা হৈছিল । লগতে উদ্যোগটোৱে এপ্ৰিল-ছেপ্তেম্বৰৰ মাহত ৩৮৮.২১ মিলিয়ন মাৰ্কিন ডলাৰৰ বৃহৎ ব্যৱসায় কৰিবলৈও সক্ষম হৈছিল ।

পানীপটৰ বস্ত্ৰ ৰপ্তানি গৃহ সংস্থাৰ মুৰব্বী ললিত কুমাৰে কয়,পানীপটত ঘৰুৱা আৰু বাহিৰা বস্ত্ৰৰ বাৰ্ষিক ব্যৱসায়ৰ মূল্য হৈছে প্ৰায় ৩৬,০০০ কোটি টকা । য'ত বাৰ্ষিক ৰপ্তানি হয় প্ৰায় ১০-১২ হাজাৰ কোটি টকাৰ সামগ্ৰী । পানীপটৰ পৰা প্ৰায় ৩০-৪০ খন দেশলৈ বস্ত্ৰ ৰপ্তানি কৰা হয় । ইয়াৰ ভিতৰতে আছে ইউৰোপ, আমেৰিকা,অষ্ট্ৰেলিয়া,জাপানৰ দৰে ধনী দেশ । চৰকাৰে প্ৰায় ১০ হাজাৰ কোটি টকাৰ ৰাজহ উৎপন্ন কৰিবলৈ সক্ষম এই উদ্যোগটোৰ পৰা ।

লক ডাউনৰ ফলতেই প্ৰায় ২০০০ কোটি টকাৰ অৰ্ডাৰ বাতিল কৰাৰ লগতে নিষ্ক্ৰিয় আমদানি আৰু ৰপ্তানিৰ বাবে ২৫০০ কোটি টকাৰ বস্তুৰ অৰ্ডাৰ গুদামত পৰি আছে বুলি উল্লেখ কৰে । বৰ্তমান প্ৰায় সংখ্য়ক শ্ৰমিকে নিজৰ ঘৰলৈ উভতি গৈছে ।

বস্ত্ৰ ৰপ্তানি কৰা পানীপটৰ বিভু পালিৱালে কয়,প্ৰায় ২৫০০ কোটি টকাৰ অৰ্ডাৰ বাতিল কৰি দিয়া হৈছে আৰু ২৫০০-৩০০০ কোটি টকাৰ অৰ্ডাৰৰ স্থিতিও বিনাশৰ দিশে ।

ললিত কুমাৰে কৈছে,এই ব্যৱসায়ৰ পুনৰোত্থানৰ বাবে প্ৰায় ৬-৯ মাহৰ প্ৰয়োজন হ'ব । এই সময়খিনিত যাতে চৰকাৰে আমাক সহায় কৰে । আনহাতে শ্ৰমিক সকলৰ দৰমহাও ESI বিভাগৰ পুঁজিৰ দ্বাৰা কৰাৰ আহ্বান জনায় চৰকাৰক । ESI বিভাগত প্ৰায় ৯০ হাজাৰ কোটি টকা সংৰক্ষিত হৈ আছে বুলি উল্লেখ কৰে কুমাৰে । পানীপট হাৰিয়ানাৰ বস্ত্ৰ উদ্যোগৰ এক বৃহৎ অংশ ।

লক ডাউনৰ ফলতেই বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে বস্ত্ৰ উদ্যোগটো লগতে চৰকাৰো এক বৃহৎ ৰাজহৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.