ETV Bharat / briefs

বিটিচি নিৰ্বাচন: বিপিএফ দলত যোগদান দুই শতাধিক যুৱকৰ

author img

By

Published : Jun 10, 2020, 4:02 PM IST

বিটিএডিত পুনৰ সক্ৰিয় হৈ উঠিছে নিৰ্বাচনী বতাহ । বুধবাৰে বিটিচিৰ ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ পৰা ৪১ গৰাকী আৰু গোঁসাইগাঁৱৰ জিলাৰ পৰা দুই শতাধিক যুৱকে বিপিএফ দলত যোগদান কৰে ৷

বিপিএফ দলত যোগদান দুই শতাধিক যুৱকৰ
বিপিএফ দলত যোগদান দুই শতাধিক যুৱকৰ

কোকৰাঝাৰ, ১০ জুন: বিটিচি নিৰ্বাচনক লৈ পুনৰ আৰম্ভ হৈছে কুচ-কাৱাজ । বুধবাৰে শ্ৰীৰামপুৰ সমষ্টিৰ অন্তৰ্গত ৪১ গৰাকী শিক্ষিত যুৱকে আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰা বুলি জানিব পৰা গৈছে । উল্লেখ্য যে,বিপিএফ দলৰ গোঁসাইগাঁও জিলা সমিতিৰ কাৰ্যালয়ৰ সভা কক্ষত স্থানীয় বিধায়ক মীজেন্দ্ৰ নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত কৰা সভাত বিটিচিৰ ৩নং শ্ৰীৰামপুৰ সমষ্টিৰ পৰা ৪১ গৰাকী আৰু গোঁসাইগাঁৱৰ জিলাৰ পৰা দুই শতাধিক যুৱকে বিপিএফ দলত যোগদান কৰে ৷ গোঁসাইগাঁও জিলা বিপিএফৰ সভাপতি তথা স্থানীয় বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে পৰিচলনা কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গোঁসাইগাঁও জিলা যুৱ বিপিএফৰ সভাপতি নৰপতি ব্ৰহ্মই ।

বিপিএফ দলত যোগদান দুই শতাধিক যুৱকৰ
বিপিএফ দলত যোগদান দুই শতাধিক যুৱকৰ

আনহাতে,সভাত বিপিএফ দলৰ জ্যেষ্ঠ নেতা হেমেন্দ্ৰ নাথ ব্ৰহ্মই দল ত্যাগ কৰি ইউপিপিএল দলত যোগদান কৰা বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে কয় যে,হেমেন্দ্ৰ ব্ৰহ্মৰ দল ত্যাগে বিপিএফত কোনো ক্ষতি নকৰে । তেওঁৰ গণভেটি ইমান মজবুত নহয় । তেওঁ দলতকৈ পদবীৰ প্ৰতিহে অধিক গুৰুত্ব দিয়ে ৷ কিন্তু বিপিএফ দলত থাকোতে তেওঁক যথেষ্ট গুৰুত্ব দিয়া হৈছিল বুলি মন্তব্য কৰে বিধায়ক নাৰ্জাৰীয়ে ।

লগতে পঢ়ক: বিশাখাপট্টনমৰ গেছ নিৰ্গমণ সন্দৰ্ভত তদন্ত কমিটিয়ে ২২ জুনত চৰকাৰক দিব লাগিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.