ETV Bharat / briefs

আমগুৰিৰ শ্ৰীশ্ৰী নমাটি সত্ৰৰ দুৰৱস্থা!!

শিৱসাগৰ জিলাৰ আমগুৰিৰ অন্তৰ্গত নামতিৰ শ্ৰীশ্ৰী নমাটি সত্ৰৰ দুৰৱস্থাত চিন্তিত সত্ৰবাসী

author img

By

Published : Apr 30, 2019, 8:00 PM IST

আমগুৰিৰ শ্ৰীশ্ৰী নমাটি সত্ৰৰ দুৰৱস্থা

আমগুৰি,৩০ এপ্ৰিলঃ শিৱসাগৰ জিলাৰ আমগুৰিৰ অন্তৰ্গত নামতিৰ শ্ৰীশ্ৰী নমাটি সত্ৰৰ দুৰৱস্থাই চিন্তিত কৰি তুলিছে সত্ৰবাসীক । ১৮১৭ চনতে দিহিং নমাটিৰ পৰা উঠি অহা সিদ্ধিৰাম দেৱে প্ৰতিষ্ঠা কৰা সত্ৰখনিৰ বৰ্তমানৰ অৱস্থা শোচনীয় । এখন টিঙৰ চালিতে সত্ৰৰ ভকতসকলে পুৱা-গধূলি ল'ব-লগীয়া হৈছে হৰিনাম। ভকতসকলৰ মত অনুসৰি বৃহত্তৰ নামতি অঞ্চলৰ শ্ৰীশ্ৰী নমাটি সত্ৰখন একমাত্ৰ পৌৰাণিক সত্ৰ। কিন্তু সত্ৰখনৰ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৷ সত্ৰখন জহি-খহি যোৱা অৱস্থা দেখি এতিয়া চিন্তিত হৈ পৰিছে সত্ৰবাসীৰ লগতে ভক্তগণ। অতি শীঘ্ৰে এই সত্ৰখনৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে সত্ৰখন হেৰাই যাব বুলি মন্তব্য কৰে সত্ৰবাসীয়ে।

আমগুৰিৰ শ্ৰীশ্ৰী নমাটি সত্ৰৰ দুৰৱস্থা

আৰু চাবলৈ : সৰ্বভাৰতীয় প্ৰতিযোগিতাত উত্তৰ-পূৱ সীমান্ত ৰেলৱেলৈ দ্বিতীয় স্থান

আমগুৰিত সত্ৰৰ দুৰৱস্থা। কাণসাৰ নাই ৰাজ্য চৰকাৰ অথবা পুৰাতত্ত্ব বিভাগৰ।

Story-SATRA_POOR_CONDITION
Ananta Smith
Sivasagar
30th April

A_SVR_30TH_APR_803-804_SATRA_POOR_CONDITION_7203499

ৰাজ্য চৰকাৰৰ সত্ৰ উন্নয়নৰ নামত চৰম প্ৰতাৰণা। সততে উন্নয়নৰ শ্লগান দি থকা ৰাজ্য চৰকাৰৰ শাসনকালত আমগুৰিৰ অন্তৰ্গত নামতিৰ শ্ৰীশ্ৰী নমাটি সত্ৰৰ দুৰৱস্থাই শংকিত কৰি তুলিছে । ১৮১৭ চনতে দিহিং নমাটিৰ পৰা উঠি অহা সিদ্ধিৰাম দেৱে প্ৰতিষ্ঠা কৰা সত্ৰখনিৰ বৰ্তমানৰ অৱস্থা পুতৌজনক। এখনি
টিঙৰ চালিতে সত্ৰৰ ভকতসকলে পুৱা-গধূলি নাম গুণ গায় । এজাক বতাহতে টিঙ উৰুৱাই নি সত্ৰৰ কাম কাজত ব্যাঘাট জন্মোৱা শ্ৰীশ্ৰী নমাটি সত্ৰৰ উন্নয়নত গুৰুত্ব নাই সংশ্লিষ্ট বিভাগৰ।

বৃহত্তৰ নামতি অঞ্চলৰ একমাত্ৰ পৌৰাণিক সত্ৰখনি নিৰ্মাণ কৰিবলৈ ৰজাঘৰৰ দৃষ্টিগোচৰ কৰিছে সত্ৰৰ ভকতসকলে। সত্ৰখনিৰ সংৰক্ষণ অথবা নিৰ্মাণ নকৰিলে সময়ৰ বুকুত এদিন হেৰাই যাব। এইক্ষেত্ৰত সংশ্লিষ্ট বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া সময়তহে লক্ষণীয় হব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.