নিউজ ডেস্ক, 14 অক্টোবৰঃ 2019 চনত এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছিল লক্ষ্ণৌ । প্ৰাক্তন বিজেপি নেতা চিন্ময়ানন্দৰ বিৰুদ্ধে আইন বিভাগৰ এগৰাকী ছাত্ৰীয়ে এক গুৰুতৰ অভিযোগ উত্থাপন কৰি ৰুজু কৰিছিল এটা গোচৰ ।
গোচৰ অনুসৰি, প্ৰাক্তন বিজেপি নেতা গৰাকীয়ে ছাত্ৰী গৰাকীক চলাইছিল যৌন নিৰ্যাতন ৷ অৱশেষত ভুক্তভোগী ছাত্ৰী গৰাকীয়ে মঙলবাৰে লক্ষ্ণৌৰ এখন বিশেষ আদালতত উঠাই ললে এই গোচৰটো ।
শেহতীয়াকৈ ভুক্তভোগী ছাত্ৰী গৰাকীয়ে আদালতত স্পষ্টভাৱে প্ৰকাশ কৰিলে যে, প্ৰাক্তন বিজেপি নেতা গৰাকী এই কাৰ্যৰ লগত জড়িত নহয় ।
লগতে পঢ়ক : COVID-19: ভাৰতৰ সাম্প্ৰতিক তথ্য
ইফালে, এই নিৰ্দেশনাৰ পিচতে লক্ষ্ণৌত সৃষ্টি হৈছে আন এক বিতৰ্ক । ভুক্তভোগী ছাত্ৰী গৰাকীয়ে গোচৰটো উঠাই লোৱা কাৰণ বিচাৰি ভাৰতীয় দণ্ডবিধি আইনৰ 340 নং ধাৰাৰ অধীনত মিছা গোচৰ জাপি দিয়াৰ অভিযোগত এক এজাহাৰ দাখিল কৰি আৰম্ভ কৰিছে তদন্ত ।
উল্লেখ্য যে, শ্বাহজাহপুৰৰ চিন্ময়ানন্দ আশ্ৰমৰ আৱাসী আছিল ছাত্ৰী গৰাকী । এই ছাত্ৰী গৰাকীয়ে উত্থাপন কৰিছিল এই গোচৰ ৷ 2019 চনৰ 20 ছেপ্তেম্বৰত সংঘটিত হোৱা এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ লক্ষ্ণৌত ।
লগতে পঢ়ক : ছত্তিশগড়ত নক্সালবাদীৰ ঘাটি উৎখাত