ডিফু, ১০ নৱেম্বৰ: মঙলবাৰে ডিফুৰ ৰাংছিনা ভৱনত উপস্থিত হয় অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাং । অসম সাহিত্য সভাৰ ডিফু আঞ্চলিক কাৰ্যালয়ৰ সম্পাদকৰ আমন্ত্ৰণ মৰ্মে ৰাংছিনা ভৱনত উপস্থিত হয় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৰাকী ।

উল্লেখ্য যে, মঙলবাৰে কাচ্ছে টেৰণপীয়ে মূল অসমীয়াৰ পৰা ইংৰাজী ভাষালৈ অনুবাদ কৰা Rongmili, The Horizon গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানলৈ আহিছিল ৰংবং তেৰাং। কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ আৰ্থিক সাহাৰ্যত আৰু ৰাংছিনা ভৱন অৱৰক্ষণ সমিতিৰ কার্যকৰী সভাপতি নীপুচৰণ দত্ত, উপ সভাপতি মাধৱ বৰা আৰু টিংক্রেং ৰংপিৰ নেতৃত্বত ভৱনটোক নতুন ৰূপত সজাই তোলা হৈছে। ৰংছিনা ভৱনৰ নতুন ৰূপ দেখি সন্তুষ্টি প্ৰকাশ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৰাকীয়ে।
লগতে পঢ়কঃ বম্বে উচ্চ ন্যায়ালয়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিলে অৰ্ণৱ গোস্বামীয়ে