হায়দৰাবাদ,(তেলেংগানা) ৩ চেপ্তেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ চেপ্তেম্বৰত হায়দৰাবাদৰ চৰ্দাৰ বল্লভ ভাই পেটেল জাতীয় পুলিচ একাডেমীত উপস্থিত হ'ব । প্ৰতিষ্ঠানখনত স্নাতক ডিগ্ৰী অৰ্জন কৰা আই পি এছ প্ৰৱেশনত থকা ২০১৮ চনৰ বেটছৰ পাচআউট পেৰেডৰ প্ৰধান অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী গৰাকী ।
২৮ গৰাকী মহিলা প্ৰৱেশনাৰ সহ মুঠ ১৩১ জন আই পি এছ প্ৰৱেশনাৰক ৪ চেপ্তেম্বৰত হায়দৰাবাদৰ চৰ্দাৰ বল্লভ ভাই পেটেল জাতীয় পুলিচ একাডেমীৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰা হ'ব লগতে আমাৰ বাবে সন্মাৰ কথা যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধান অতিথি হিচাপে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি সন্মতি প্ৰকাশ কৰিছে । অনুষ্ঠানত তেখেতে ভিডিঅ কনফাৰেন্সৰ যোগেদি আই পি এছ প্ৰৱেশনাৰ সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব ।
দীক্ষান্ত পেৰেড প্ৰদৰ্শনে একাডেমীত আই পি এছ প্ৰৱেশনাৰ সকলৰ ১১ মহীয়া প্ৰশিক্ষণৰ সমাপ্তিৰ কথা চিহ্নিত কৰে । এই অনুষ্ঠানত মুখ্য অতিথিয়ে আই পি এছ প্ৰৱেশনাৰ সকলৰ পৰা পেৰেড গ্ৰহণ কৰে আৰু সেই সময়ত পেৰেড কামাণ্ডাৰ আৰু প্লাটুন কামাণ্ডাৰৰ ভূমিকা গ্ৰহণ কৰে ।