গুৱাহাটী, ১২ জুন : নুনমাটিৰ হত্যাকাণ্ডৰ চিচিটিভি ফুটেজ পৰীক্ষাৰ অন্তত নুনমাটি আৰক্ষীয়ে মূল অভিযুক্ত হুছেইন আলি,দুলাল আলি,ইব্ৰাহিম আলি আৰু মনোৱাৰা বেগমক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে হত্যাকাণ্ড সংঘটিত হোৱা দোকানখনৰ স্বত্বাধিকাৰী আৰমান আলিকো আটক কৰে।
নুনমাটিত শুকুৰবাৰে দিন দুপৰতে এজন যুৱকে চুৰিৰে ডিঙি ৰেপি নৃশংসভাৱে হত্যা কৰে আন এজন যুৱকক । নিহত যুৱকজন চিলাপথাৰৰ চান্দমাৰীৰ নিবাসী ঋতুপৰ্ণ পেগু । ঋতুপৰ্ণ পেগুৱে গুৱাহাটীৰ কৰ্মাচ কলেজৰ সমীপত ভাৰাতীয়া হিচাপে পৰিয়ালসহ থাকি গাড়ী চালকৰ কাম কৰি আছিল। এখন মেজক লৈ কাজিয়াৰ সূত্ৰপাত হয় ঋতুপৰ্ণ পেগু আৰু হুছেইন আলীৰ মাজত । হুছেইন আলীয়ে ইয়াৰ আঁৰতেই এখন চুৰি আনি ঋতুপৰ্ণ পেগুক ডিঙি হত্যা কৰে ।
লগতে চাওকঃ COVID-১৯ ত আক্ৰান্ত অসম আৰক্ষীৰ জোৱান