ETV Bharat / briefs

বৰপেটাত কৰ'ণা যোদ্ধাক সম্বৰ্ধনা মুছলিম ছাত্ৰ সন্থা অসমৰ - Muslim Students Union Assam

বৰপেটা প্ৰেছ গীল্ডৰ কাৰ্যালয়ত সোমবাৰে "কৰ'ণা যোদ্ধালৈ সম্বৰ্ধনা" শীৰ্ষক এক সভা অনুষ্ঠিত কৰা হয়। এই সভাত কৰ'ণাসৃষ্ট পৰিৱেশত নিজৰ জীৱনক তুচ্ছ কৰি কৰ'ণাৰ বিৰুদ্ধে যুঁজ দিয়া বিভিন্ন ক্ষেত্ৰৰ ২৮ গৰাকী ব্যক্তিক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।

Muslim Students Union Assam felicitate 28 covid warriors at Brpeta
বৰপেটাত কৰ'ণা যোদ্ধাক সম্বৰ্ধনা মুছলিম ছাত্ৰ সন্থা অসমৰ
author img

By

Published : Nov 9, 2020, 8:22 PM IST

বৰপেটা, ৯ নৱেম্বৰ: মুছলিম ছাত্ৰ সন্থা, অসমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বৰপেটা জিলা সমিতিৰ সহযোগত বৰপেটা প্ৰেছ গীল্ডৰ কাৰ্যালয়ত সোমবাৰে "কৰ'ণা যোদ্ধালৈ সম্বৰ্ধনা" শীৰ্ষক এক সভা অনুষ্ঠিত কৰা হয়। সংগঠনটোৰ বৰপেটা জিলা সমিতিৰ সভাপতি মহিবুল ইছলামে আঁত ধৰা সম্বৰ্ধনা সভাখনৰ সভাপতিত্ব কৰে মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জালাল উদ্দিনে। কৰ'ণাসৃষ্ট পৰিৱেশত নিজৰ জীৱনক তুচ্ছ কৰি কৰ'ণাৰ বিৰুদ্ধে যুঁজ দিয়া বিভিন্ন ক্ষেত্ৰৰ ২৮ গৰাকী ব্যক্তিক ছাত্ৰ সংগঠনটোৱে ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

আনহাতে, কৰ'ণা যোদ্ধাৰ সন্মান গ্ৰহণ কৰি কেইবাগৰাকী ব্যক্তিয়ে কৰ'ণাসৃষ্ট পৰিৱেশৰ নিজস্ব অভিজ্ঞতাৰ বৰ্ণনা কৰি সমাজৰ সকলো শ্ৰেণীৰ লোককে ক'ভিড প্ৰট'কল মানি চলিবলৈ আহ্বান জনায় আৰু মুছলিম ছাত্ৰ সন্থা, অসমৰ এনে মহান পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰে।

লগতে পঢ়ক : কাছাৰত আটক 3 উগ্ৰপন্থীঃ জব্দ অস্ত্ৰ-শস্ত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.