ETV Bharat / briefs

বানত প্লাৱিত কৰিমগঞ্জৰ বহু অঞ্চল

মিজোৰামৰ পৰা বৈ অহা পানী আৰু ধাৰাষাৰ বৰষুণৰ বাবে কৰিমগঞ্জত সৃষ্টি হয় ভয়ংকৰ বান, লংগাই আৰু সিংলা নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিলে সমগ্ৰ কৰিমগঞ্জ

কৰিমগঞ্জত বানৰ আতংক
author img

By

Published : May 25, 2019, 5:28 PM IST

কৰিমগঞ্জত ভয়ংকৰ বান

লংগাই আৰু সিংলা নৈ আতংক সমগ্ৰ কৰিমগঞ্জত

লংগাই নৈৰ মথাউৰি ভাঙি প্লাৱিত হৈ পৰিছে দক্ষিণ কৰিমগঞ্জ আৰু পাথাৰকান্দি সমষ্টি

মিজোৰামৰ পৰা বৈ অহা পানী আৰু ধাৰাষাৰ বৰষুণৰ বাবে ওফন্দি উঠিছে দুয়োটা নৈ

পাথাৰকান্দিৰ 60 খন গাঁও বৰ্তমান পানীৰ তলত

বানাক্ৰান্ত ৰাইজৰ খবৰ লবলৈ উপস্থিত কৰিমগঞ্জৰ জিলা শাসক এ.মনিভান্নান

কৰিমগঞ্জত ভয়ংকৰ বান

লংগাই আৰু সিংলা নৈ আতংক সমগ্ৰ কৰিমগঞ্জত

লংগাই নৈৰ মথাউৰি ভাঙি প্লাৱিত হৈ পৰিছে দক্ষিণ কৰিমগঞ্জ আৰু পাথাৰকান্দি সমষ্টি

মিজোৰামৰ পৰা বৈ অহা পানী আৰু ধাৰাষাৰ বৰষুণৰ বাবে ওফন্দি উঠিছে দুয়োটা নৈ

পাথাৰকান্দিৰ 60 খন গাঁও বৰ্তমান পানীৰ তলত

বানাক্ৰান্ত ৰাইজৰ খবৰ লবলৈ উপস্থিত কৰিমগঞ্জৰ জিলা শাসক এ.মনিভান্নান

Intro:কৰিমগঞ্জত ভয়ংকৰ বানপানীBody:SLUG : KARIMGANJ BANPANI

কৰিমগঞ্জত ভয়ংকৰ বানপানী । সংহাৰী ৰূপ লৈছে জিলাখনৰ দুই নৈ যথাক্ৰমে লংগাই আৰু সিংলা । লংগাই নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিলে দক্ষিণ কৰিমগঞ্জ আৰু পাথাৰকান্দি সমষ্টিৰ কেইবাখনো গাঁও । পাথাৰকান্দিৰ কাবাৰিবন্দ পঞ্চায়তৰ অন্তৰ্গত মন্ত্ৰী গাঁও আৰু দক্ষিণ কৰিমগঞ্জৰ ইলাশপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বাদাগাঁওৰ উন্মুক্ত মথাউৰিৰে যোৱা কালিৰ পৰা পানী প্ৰৱেশ কৰি আছে । পাথাৰকান্দিত কেবাঠাইত লংগাই নৈৰ মথাউৰি ছিঙাৰ লগতে বহু ঠাইত নতুনকৈ মথাউৰি ছিঙাৰ সম্ভাৱনা প্ৰকট হৈছে । মিজোৰামৰ পৰা বৈ অহা পানী আৰু ধাৰাষাৰ বৰষুণৰ বাবে ওফন্দি উঠিছে দুৱোটা নৈ । এই ক্ষেত্ৰত জলসম্পদ বিভাগৰ ভুমিকাক লৈ ক্ষোভীত হৈ পৰিছে নৈ পৰীয়া ৰাইজ । লংগাই বৰ্তমানে বৈছে 24.5 যাৰ বিপনসীমা আছিল 22.00 ।আৰু সিংলা নৈ বৰ্তমানে বৈছে 24.415 যাৰ বিপনসীমা আছিল 17.98 , আৰু এতিয়া লৈকে পাথাৰকান্দিৰ 60 খন গাঁও পানীৰ তলত থকাৰ লগতে মন্ত্ৰী গাঁওৰ 5 খন গৃহ পানীৰ স্রোতে ভাঙি পেলাইছে।আৰু ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱত শেহতীয়া কৈ উপস্থিত হৈছে কৰিমগঞ্জৰ জিলা শাসক এ,মনিভান্নান।
কৰিমগঞ্জৰ পৰা বিপিএন চক্ৰৱৰ্তীৰ সহযোগত পাথাৰকান্দিৰ পৰা সঞ্জীত কৈৰী ইটিভি ভাৰত অসম।Conclusion:লংগাই বৰ্তমানে বৈছে 24.5 যাৰ বিপনসীমা আছিল 22.00 ।আৰু সিংলা নৈ বৰ্তমানে বৈছে 24.415 যাৰ বিপনসীমা আছিল 17.98
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.