দলগাঁও, ৩০ ছেপ্টেম্বৰ: লকডাউনে জুৰুলা কৰা এচাম কৃষকৰ মুখত সামান্যকৈ হ’লেও বিৰিঙিছে হাঁহি। লকডাউনে ৰাজহাড় ভাঙি দিয়া কৃষকৰ উৎপাদিত মৰাপাট উচিত মূল্যত বিক্ৰী হৈছে দৰঙৰ খাৰুপেটীয়াৰ সাপ্তাহিক বালুগাঁও বুধবাৰীয়া বজাৰত । যি মৰাপাট বিগত বৰ্ষত বজাৰত ৮০০/৯০০ টকাত বিক্ৰী কৰি কৃষকে চকুলো টুকিছিল, সেই মৰাপাট এইবাৰ খাৰুপেটীয়া বজাৰত বিক্ৰী হৈছে উচ্চ দামত । অৰ্থাৎ ৮০০/৯০০ টকীয়া ম'ৰাপাট এইবাৰ বিক্ৰী হৈছে প্ৰতি মোনত ২,০০০ পৰা ২,২০০ টকা দৰত ।

এই সন্দৰ্ভত অৱশ্যে মৰাপাট উৎপাদকে দাম বৃদ্ধি হলেও উৎপাদনত অধিক খৰচ হোৱাৰ বাবে লাভবান হব পৰা নাই বুলিহে কৰিলে মন্তব্য। লকডাউন আৰু বানপানী ওপৰিও শ্ৰমিক,ঔষধ,সাৰ আদিৰ দাম দুগুণ বৃদ্ধি হোৱাকে ধৰি বিভিন্ন কাৰণত কৃষকে মৰাপাট উৎপাদনৰ ক্ষেত্ৰত গুৰুত্ব কমাই দিয়াৰ ফলত এইবাৰ মৰাপাটৰ উৎপাদন কমি যোৱা দেখা গৈছে। উৎপাদন কম হোৱাত সাপ্তাহিক বালুগাঁও বুধবাৰীয়া বজাৰত পূৰ্বতকৈ কম উপলব্ধ হৈছে মৰাপাটৰ । ফলত বৃদ্ধি পাইছে মৰাপাটৰ মূল্য ।
