কোকৰাঝাৰ, 18অক্টোবৰ :গোসাঁইগাঁৱৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে চলোৱা অভিযানত অবৈধ ভাবে কয়লা সৰবৰাহ কৰা তিনিখন কয়লা ভৰ্তি ট্ৰাক জব্দ ৷ লগতে চালক সহ ছয় জন লোকক আটক কৰিছে আৰক্ষীয়ে ।


ইফালে, আৰক্ষীৰ সুত্ৰৰ জৰিয়তে জানিব পৰা মতে, গোসাঁইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মন্টু ৰাম বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই পশ্চিমবংগ অভিমুখে গৈ থকা অৱস্থাত ইউ পি- ৫৩ ই টি/৪০০৩,এন এল ০১- এ এ /৬৪৯২ আৰু এন এল- ০১ এন/৪১৪৪ নম্বৰৰ তিনিখন অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ।
আনহাতে, আৰক্ষীয়ে ট্ৰাক তিনিখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰি জব্দকৃত ট্ৰাক সহ গোসাঁইগাঁও থানালৈ লৈ আনে ৷ উল্লেখ্য যে, জব্দ হোৱা ট্ৰাক তিনিখন গুৱাহাটীৰ পৰা বিহাৰৰ কাটিহাৰলৈ গৈ আছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে । ইতিমধ্যে উক্ত ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
লগতে পঢ়কঃ বিলাসীপাৰাত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ