গুৱাহাটী,৯মে': গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত ১১মে'ত আয়োজন কৰা হৈছে 'লোকৰংগম' নামৰ এখন বিশেষ অনুষ্ঠান। বিভাগটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত অনুষ্ঠিত হ'ব লগীয়া এই লোকৰংগম অনুষ্ঠানত ভাওঁনা,পুতলা নাচ আৰু এখন আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে । বাক্কলহ নামৰ আলোচনা চক্ৰৰে অনুষ্ঠানখনীৰ শুভাৰম্ভণী কৰা হ'ব। আঞ্চলিকতাবাদ,যুৱ প্ৰজন্ম আৰু সংবাদ মাধ্যমৰ ওপৰত হ'ব লগা এই আলোচনা চক্ৰত ৬ টাকৈ ছাত্ৰ সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰাৰ উপৰিও অনুষ্ঠানটো পৰিচালনা কৰিব বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰে । ইয়াৰ পিছতে ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা পেক্ষাগৃহত অনুষ্ঠিত হ'ব পুতলা নাচ। বৰ্তমান সময়ত আমাৰ মাজৰ পৰা হেৰাই যাব খোজা পুতলা নাচক জীয়াই ৰখাৰ উদ্দেশ্যৰে বিভাগটোৱে এই পদক্ষেপ হাতত লৈছে বুলি জানিবলৈ দিয়ে আয়োজকে। পুতলা নাচৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰিব অংকীয়া নাট ৰুক্মিণী হৰণ। নৱ-প্ৰজন্মই ভাওঁনাৰ মহত্ব যাতে বুজি পায় তাৰ প্ৰতি লক্ষ্য কৰিয়েই এই অংকীয়া নাটখনৰ পৰিৱেশন কৰিব বিচৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।
গুৱাহাটী বিশ্ববিদ্যালয়ত 'লোকৰংগম' শীৰ্ষক অনুষ্ঠানৰ আয়োজন - সাংবাদিক মৃণাল তালুকদাৰ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত ১১মে'ত আয়োজন কৰা হৈছে 'লোকৰংগম' শীৰ্ষক এখন অনুষ্ঠান, অনুষ্ঠানত ভাওঁনা,পুতলা নাচ আৰু এখন আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে
গুৱাহাটী,৯মে': গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত ১১মে'ত আয়োজন কৰা হৈছে 'লোকৰংগম' নামৰ এখন বিশেষ অনুষ্ঠান। বিভাগটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত অনুষ্ঠিত হ'ব লগীয়া এই লোকৰংগম অনুষ্ঠানত ভাওঁনা,পুতলা নাচ আৰু এখন আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে । বাক্কলহ নামৰ আলোচনা চক্ৰৰে অনুষ্ঠানখনীৰ শুভাৰম্ভণী কৰা হ'ব। আঞ্চলিকতাবাদ,যুৱ প্ৰজন্ম আৰু সংবাদ মাধ্যমৰ ওপৰত হ'ব লগা এই আলোচনা চক্ৰত ৬ টাকৈ ছাত্ৰ সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰাৰ উপৰিও অনুষ্ঠানটো পৰিচালনা কৰিব বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰে । ইয়াৰ পিছতে ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা পেক্ষাগৃহত অনুষ্ঠিত হ'ব পুতলা নাচ। বৰ্তমান সময়ত আমাৰ মাজৰ পৰা হেৰাই যাব খোজা পুতলা নাচক জীয়াই ৰখাৰ উদ্দেশ্যৰে বিভাগটোৱে এই পদক্ষেপ হাতত লৈছে বুলি জানিবলৈ দিয়ে আয়োজকে। পুতলা নাচৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰিব অংকীয়া নাট ৰুক্মিণী হৰণ। নৱ-প্ৰজন্মই ভাওঁনাৰ মহত্ব যাতে বুজি পায় তাৰ প্ৰতি লক্ষ্য কৰিয়েই এই অংকীয়া নাটখনৰ পৰিৱেশন কৰিব বিচৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।
Body:লিপিকা ডেকা
Conclusion:গুৱাহাটী